নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Budget 2023

আজি সংসদত ২০২৩-২৪ বৰ্ষৰ বাজেট দাখিল কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ দ্বিতীয়টো শাসনকালৰ পঞ্চম তথা সম্ভৱতঃ শেষৰখন বাজেট।

এই বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও চমৎকাৰী প্ৰস্তাৱ আগঢ়াইছে। ২০২৪ ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন উপলক্ষ্যে অৰ্থাৎ তৃতীয়বাৰ শাসনলৈ অহাৰ বাট প্ৰশস্ত কৰিবলৈ এই চমৎকাৰী ঘোষণা কৰা বুলি ধাৰণা কৰা হৈছে।

‘অমৃত কালৰ প্ৰথমখন বাজেট’ বুলি অভিহিত কৰা বাজেটখনত বিত্তমন্ত্ৰী সীতাৰমণৰ আটাইতকৈ ডাঙৰ ঘোষণা হৈছে নতুন কৰ নীতি। বিত্তমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ পূৰ্বৰ আয় কৰ ব্যৱস্থা সমূলঞ্চে সলাই দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিবলৈ প্ৰয়াস কৰিছে।

মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে এতিয়া ৭ লাখ পৰ্যন্ত উপাৰ্জন কৰাসকলে কোনো কৰ আদায় দিব নালাগে। অৱশ্যে কেৱল নতুন কৰ ব্যৱস্থাৰ আওতাত পৰাসকলৰ বাবেহে উপলব্ধ হ’ব। পুৰণি কৰ ব্যৱস্থাৰ আওতাত থকাসকলে ৩ লাখ টকাৰ পৰা আয় কৰ আদায় দিব লাগিব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এই ৰেহাই নতুন আৰু পুৰণি দুয়োটা ব্যৱস্থাতে প্ৰযোজ্য হ’লেও দুয়োটাতে কৰ আদায়ৰ ক্ষেত্ৰত তাৰতম্য থাকিব। ইয়াৰ সমান্তৰালকৈ বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৯ লাখ টকা পৰ্যন্ত আয় কৰাসকলৰ ওপৰত মাত্ৰ ৪৫ হাজাৰ টকাহে কৰ আৰোপ কৰা হ’ব।

পুৰণি কৰ ব্যৱস্থা বিলুপ্ত কৰাৰ কথা ঘোষণা কৰি নিৰ্মলা সীতাৰমণে কয় যে নতুন কৰ ব্যৱস্থাত সাতটা কৰ স্লেব থাকিব। নতুন টেক্স স্লেব ব্যৱস্থাৰ অধীনত ৩ৰ পৰা ৬ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰাসকলৰ ওপৰত পাঁচ শতাংশ কৰ আৰোপ কৰা হ’ব।

আনহাতে ৬ লাখৰ পৰা ৯ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰাসকলৰ ওপৰত ১০ শতাংশ কৰ আৰোপ কৰা হ’ব। ৯ ৰ পৰা ১২ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰাসকলৰ ওপৰত ১৫% কৰ আৰোপ কৰা হ’ব।

সেইদৰে ১২ ৰ পৰা ১৫ লাখৰ ভিতৰত উপাৰ্জন কৰাসকলৰ ওপৰত ২০ শতাংশ কৰ আৰোপ কৰা হ’ব। আনহাতে ১৫ লাখৰ ওপৰত উপাৰ্জন কৰাসকলে ৩০% হাৰত কৰ পৰিশোধ কৰিব লাগিব।