বাজেট বিতৰ্ক : ৰাজ্যসভাত কংগ্ৰেছৰ সাংসদ কপিল শিবালৰ তীব্ৰ সমালোচনা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২১ বৰ্ষৰ ইউনিয়ন বাজেট সম্পৰ্কে বুধবাৰে ৰাজ্যসভাত হোৱা বিতৰ্কত কংগ্ৰেছৰ সাংসদ কপিল শিৱালে বাজেটখনক তীব্ৰ সমালোচনা কৰে।

সাংসদ শিবালে কয় যে বাজেটখনৰ দ্বাৰা চৰকাৰে ভোটবেংকৰ ৰাজনীতিক উৎসাহ জনাইছে।

বাজেটখনৰ ‘ক্ৰ’নি-কেপিটেলিষ্ট’ দৃষ্টিভংগীক সমালোচনা কৰি তেওঁ কয় যে চৰকাৰৰ অৰ্থনৈতিক নীতিয়ে দেশৰ সাধাৰণ জনতাক সামৰি লোৱাৰ পৰিৱৰ্তে চাৰি-পাঁচজনমান ‘বিগ বয়জ’কহে পৃষ্ঠপোষকতা কৰিছে।

কাৰো নাম উল্লেখ নকৰাকৈ সাংসদ শিবালে স্বভাৱজাত বাগ্মীতাৰে কয় যে এই ‘বিগ বয়জ’সকলেই দেশখনৰ সকলো সম্পদ আৰু প্ৰতিষ্ঠানৰ গৰাকী হৈ পৰিছে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত উল্লেখ কৰা ‘আত্মনিৰ্ভৰতা’ৰ শ্লোগানৰ প্ৰত্যুত্তৰ হিচাপে সাংসদ শিবালে প্ৰশ্ন কৰে- “আমাৰ কৃষকসকল, আমাৰ দলিতসকল, আমাৰ সংখ্যালঘু ভাই-ভণীসকল, ক্ষুদ্ৰ উদ্যোগবিলাক, ক্ষুদ্ৰ ব্যৱসায়ীসকল আত্মনিৰ্ভৰ হ’ব পাৰিছেনে?’’

তদুপৰি সীতাৰমণে বাজেট ভাষণত কৰ্মসংস্থাপনৰ বিষয়ে নিমাতে থকাৰ বাবেও সাংসদ শিবালে সমালোচনা কৰে।

উল্লেখযোগ্য যে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিৰ তথ্য অনুযায়ী কভিড-১৯ লকডাউনৰ সময়ছোৱাত ১২০ মিলিয়নজনে নিজৰ কৰ্মসংস্থাপন হেৰুৱাইছে।