আমেৰিকাত পুনৰ অঘটন। নিউয়ৰ্কৰ বাফেলো চুপাৰমাৰ্কেটত দুৰ্বৃত্তৰ গুলীচালনাত ১০ জন লোক নিহত হৈছে।
সামৰিক পোছাক পিন্ধা এজন কিশোৰ বন্দুকধাৰীয়ে নিউয়ৰ্কৰ বাফেলো, চুপাৰমাৰ্কেটত ধাৰাসাৰ গুলীচালনা কৰাৰ ফলত ১০ জন লোকৰ থিতাতে মৃত্যু ঘটে।
আৰক্ষীয়ে এই আক্ৰমণৰ ঘটনাৰ আঁৰত বৰ্ণ বৈষম্যৰ ধাৰণাই ক্ৰিয়া কৰা বুলি সন্দেহ কৰিছে।
গুলীচালনাৰ ঘটনাটোত আন তিনিজন লোক গুৰুতৰভাবে আহত হয়।
১৮ বছৰীয়া শ্বেতাংগ বন্দুকধাৰী কিশোৰ জনে সামৰিক পোছাক পিন্ধি টপছ ফ্ৰেণ্ডলী মাৰ্কেটত প্ৰৱেশ কৰিছিল আৰু কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে তাত উপস্থিত থকা লোকসকলৰ ওপৰত গুলী চলাবলৈ ধৰিছিল।
নিউয়ৰ্কৰ আৰক্ষী আয়ুক্ত যোচেফ গ্ৰামাগ্লিয়াই সংবাদমাধ্যমক জনোৱা অনুসৰি আক্ৰমণকাৰী কিশোৰ জনে আক্ৰমণৰ সমগ্ৰ ঘটনা পিন্ধি থকা হেলমেটত লগাই ৰখা কেমেৰাৰে লাইভ কৰি গৈছিল।
চুপাৰ মাৰ্কেট খনৰ নিৰাপত্তৰাক্ষীয়ে আক্ৰমণকাৰী কিশোৰ জনক লক্ষ্য কৰি গুলীচালনা কৰে যদিও কিশোৰ জনে পিন্ধি অহা বুলেটপ্ৰুফ জেকেটত লাগি গুলী উফৰি পৰে। আক্ৰমণকাৰী কিশোৰ জনৰ গুলীত চুপাৰ মাৰ্কেট খনৰ এগৰাকী নিৰাপত্তাৰক্ষীৰো মৃত্যু ঘটে।
উল্লেখ্য চুপাৰ মাৰ্কেটখন ডাউনটাউন বাফেলোৰ পৰা কেইকিলোমিটাৰ উত্তৰে অৱস্থিত। আক্ৰমণ সংঘটিত কৰাৰ কিছুসময় পিছতে আক্ৰমণকাৰী কিশোৰ জনে হাতৰ পৰা বন্দুক পেলাই দি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।
আৰক্ষীয়ে আক্ৰমণকাৰী কিশোৰ জনৰ নাম পেটন গেন্দ্ৰন বুলি প্ৰকাশ কৰিছে।চুপাৰ মাৰ্কেটত বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনাই পুনৰ জোকাৰি গৈছে সমগ্ৰ আমেৰিকাকে।