NORTHEAST NOW (Assamese)

কলিয়াবৰত দুৰ্ঘটনাত পতিত হ’ল গুৱাহাটী মহাবিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ

October 14, 2018 4:59 pm · ৰিদিপ শৰ্মা
Updated: October 14, 2018 5:19 pm
ফটো : নৰ্থ-ইষ্ট নাও

গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাণীতত্ব বিভাগৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা এখন বাছ আজি দুপৰীয়া নগাঁও জিলাৰ কলিয়াবৰৰ বৰালিগাঁৱত দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা মতে মহাবিদ্যালয়খনৰ প্ৰাণীতত্ব বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ দলটোৱে কাজিৰঙা ভ্ৰমণ কৰি উভটি অহাৰ পথত এ এছ ০১ এইচ চি ৮৩৩৪ নম্বৰৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা দ’ গাতত সোমাই পৰে। ফলত মহাবিদ্যালয়খনৰ ৩২ জন ছাত্ৰ-ছাত্ৰী, দুজনকৈ শিক্ষকৰ লগতে এজন চাইকেল আৰোহীও গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলত মিছা আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী তথা চাইকেল আৰোহী দুজনক উন্নত চিকিৎসাৰ বাবে জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আহত কেইজনৰ ভিতৰত প্ৰিটিছ ডেকা, সুৰজিৎ কলিতা, ধৃতি কলিতা আৰু গৰিছমা দাসকহে এই পৰ্যন্ত চিনাক্ত কৰিব পৰা গৈছে। লগতে দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত চাইকেল আৰোহীজন বৰালীগাঁৱৰ সঞ্জয় লোহাৰ বুলি জানিব পৰা গৈছে। বৰ্তমান সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে সঞ্জয় লোহাৰক।

জানিব পৰা মতে গুৱাহাটী মহাবিদ্যালয়ৰ ৩২ জনকৈ ছাত্র ছাত্ৰীয়ে শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ শিক্ষা মূলক ভ্ৰমণৰ উদ্দেশ্যি আহিছিল। আৰু আজি কাজিৰঙা ভ্ৰমণ সামৰি গুৱাহাটী অভিমুখে আহি থকা বাহনখনে উক্ত ঠাইখিনি পোৱাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা দ’ গাতত সোমাই যোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

Related News