• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাঙালী লোকসকলে পৰেশ বৰুৱাৰ হুংকাৰক ভয় কৰাৰ কোনো প্ৰয়োজন নাই : প্ৰদীপ দত্ত ৰয়

NE NOW NEWS অপৰ্ণা লস্কৰ
শিলচৰ , October 14, 2018 4:06 pm

2 min read

q-1-750x375

সদৌ কাছাৰ-কৰিমগঞ্জ, হাইলাকান্দি ছাত্ৰ সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত ৰয়

497
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচৰা তথা তাৰ সমৰ্থনত গুৱাহাটীত একত্ৰিত হৈ অভিৱৰ্তন কৰিব খোজা সংগঠনবোৰক লক্ষ্য কৰি শনিবাৰে গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটত আলফা(স্বা)ই বোমা বিস্ফোৰণ সংঘটিত কৰা বুলি সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কৰা মন্তব্যক উভটি ধৰিছে সদৌ কাছাৰ-কৰিমগঞ্জ, হাইলাকান্দি ছাত্ৰ সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত ৰয়ে।

প্ৰদীপ দত্ত ৰয়ে অসমত বাস কৰা সকলো বাঙালী লোকক উদ্দেশ্যি কয় যে পৰেশ বৰুৱা তথা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোৰ এনে কাপুৰুষালি কাৰ্যত বাঙালী সম্প্ৰদায়ৰ লোকে কোনো ধৰণৰ ভয় তথা শংকা কৰাৰ প্ৰয়োজন নাই।

আজি শিলচৰস্থিত নিজ বাসগৃহত প্ৰদীপ দত্ত ৰয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয়, ‘পৰেশ বৰুৱাই জীৱনৰ অধিক কাল সময় বাংলাদেশৰ বাঙালী লোকসকলৰ মাজতে কটাইছে আৰু এতিয়া সেই বাঙালীৰে বিৰুদ্ধাচৰণ কৰিছে।  গুৱাহটী মহানগৰীত এনে ধৰণৰ কাৰ্যকলাপ সংঘটিত কৰিবলৈ পৰেশ বৰুৱা তথা তেওঁৰ সংগঠনৰ এতিয়া কোনো গণ ভিত্তি নাই’।

তেওঁ লগতে কয় যে এই শীতকালীন অধিৱেশনতে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত উত্থাপন হ’ব আৰু বিধেয়কখন বিনা দ্বিধাই গৃহীত হ’ব। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক-ব্ৰহ্মপুত্ৰ একত্ৰিত কৰাৰ চেষ্টা চলাই আছে আৰু সেয়ে মুখ্য মন্ত্ৰীগৰাকীয়েও এই বিধেয়কখন গৃহীত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

আনহাতে এ আই য়ু ডি এফ প্ৰমুখ বদৰুদ্দিন আজমলে হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিলে অসমত বাস কৰা অসমীয়া লোকসকলৰ প্ৰতি চৰম ভাবুকি নামি আহিব বুলি অলপতে কৰা মন্তব্যৰ বিৰুদ্ধেও ছাত্ৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি ৰয়ে সৰৱ হৈ পৰা দেখা যায়।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বাৰ্তাত তেওঁ কয় যে এনেধৰণৰ মন্তব্যই অসমত বাস কৰা অসমীয়া আৰু বাঙালী সমুদায়ৰ মাজত বিভেদৰ সৃষ্টি কৰাৰ উপৰি সাম্প্ৰদায়িক সংঘৰ্ষৰো সৃষ্টি কৰিব পাৰে।

‘যদিহে অসমত হিন্দু বাংলাদেশী আৰু অসমীয়াসকলে একত্ৰিত তথা মিলাপ্ৰীতিৰে বসবাস নকৰে তেন্তে অসম এদিন বাংলাদেশৰ হাতলৈ গুছি যাব’। এনেদৰে তাৎপৰ্যমূলক মন্তব্য কৰে প্ৰদীপ দত্ত ৰয়ে।

আনহাতে বদৰুদ্দিন আজমল হৈছে এজন ব্যৱসায়ী গতিকে তেওঁ ব্যৱসায়ৰ স্বাৰ্থত এনেধৰণৰ তুলুঙা মন্তব্য কৰিবই সেয়ে আজমলৰ মন্তব্যক কোনেও গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব নালাগে বুলিও ৰয়ে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে আহ্বান জনায়।

তেওঁ লগতে কয় যে বাঙালী আৰু অসমীয়া লোকে মিলাপ্ৰীতি তথা সম্প্ৰীতিৰে দুৰ্গা পূজা উদযাপন কৰি আহিছে আৰু তেনে সময়তে উগ্ৰপন্থী সংগঠন তথা ৰাজনীতিবিদ সকলৰ পৰা অহা এনে মন্তব্যই অসমৰ শান্তি-সম্প্ৰীতিত বেয়াকৈ ব্যাঘাট জন্মাব পাৰে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd