নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাছ; মৃত্যু ১৫ জনৰ,আহত ৩০ জনৰো অধিক

জম্মু-কাশ্মীৰত সংঘটিত হৈছে আন এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত থিতাতে ১৫ জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হৈছে ৩০ জনতকৈ অধিক লোক। আৰক্ষীৰ সূত্ৰ অনুসৰি বাছখনত ৫০ জন যাত্ৰী আছিল। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আখনুৰ জিলাৰ জম্মু-পুঞ্চ ঘাইপথত যাত্ৰী ভৰ্তি বাছখনে এক দুৰ্ঘটনা সংঘটিত কৰে। স্থানীয় সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাৰ পৰা অহা তীৰ্থযাত্ৰীসকলে বাছেৰে শিৱ খোৰি মন্দিৰ পৰিদৰ্শন কৰিছিল। কিন্তু ঘাইপথত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাছখন খাৱৈত বাগৰি পৰে। তীব্ৰ শব্দৰ বাবে স্থানীয় একাংশ লোক ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ লগতে ভাৰতীয় সেনাৰ এটা দলো সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। তেওঁলোকৰ লগত এটা চিকিৎসা দলো আছে। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। কোনো কাৰণত বাছখনৰ ব্ৰেক বিকল হোৱা বুলি ধাৰণা কৰা হৈছে। উত্তৰ প্ৰদেশৰ হাথৰচৰ পৰা বাছখন আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে যোৱা বছৰৰ শেষৰ ফালে জম্মু-কাশ্মীৰৰ ডোডা জিলাত এখন বাছে এনে দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। ৩০০ ফুট দ খাদত পৰি কমেও ৩৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ জন আহত হয়।