NORTHEAST NOW (Assamese)

এন আৰ চিৰ শুনানিলৈ যোৱা বাছ খানাপাৰাত দুৰ্ঘটনাগ্ৰস্ত : কেইবাজনৰো অৱস্থা সংকটজনক

August 5, 2019 7:18 am · এন ই নাও নিউজ
Updated: August 5, 2019 8:38 am
খানাপাৰাত ৪ আগষ্টৰ ৰাতি দুৰ্ঘটনাত পতিত বাছখন। ফাইল ফটো।

এন আৰ চিৰ শুনানিৰ বাবে সোনতলীৰ পৰা উজনিলৈ গৈ থকা ৰাজা নামৰ বাছখন খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা পতিত হয়।

সোনতলীৰ পৰা গোলাঘাটলৈ এন আৰ চিৰ পুনৰীক্ষণৰ বাবে বাছত যোৱা দলটোৰ কেইবাজনো লোকৰ অৱস্থা বৰ্তমানো সংকটজনক।

দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি জানিব পৰা গৈছে।

দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

জি এম চি এইচত দুৰ্ঘটনাত আহত সকল

বাছখনে এখন আলকাতৰা ভৰ্তি ট্ৰাকত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ ফলত ২৪জন লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে।

ইয়াৰে ১৩ গৰাকী মহিলা আৰু ১১ গৰাকী পুৰুষ। আঘাতপ্ৰাপ্ত সকলৰ মাজত শিশুৱো আছে।

আহতসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত সকলৰ মাজৰ কমেও ৮ জনৰ অৱস্থা অতি সংকটজনক।

সাধাৰণভাৱে আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত যাৱলৈ দিয়া হৈছে।

অৱশ্যে, এন আৰ চিৰ পুনৰীক্ষণৰ বাবে যাৱলগীয়া দলটোৰ আঘাতপ্ৰাপ্ত সদস্যসকলে এতিয়াও এন আৰ চিৰ শংকা মনৰ পৰা আঁতৰ কৰিব পৰা নাই।

দুৰ্ঘটনাত আহতসকলৰ খৱৰ ল’বলৈ বিভিন্নজনে গৈ চিকিৎসালয়ত উপস্থিত হয় আৰু সহায়ৰ হাত আগবঢ়ায়।

Related News