সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দিচাং ধাই আলি আঞ্চলিক সমিতিয়ে দেওবাৰে দিচাং ধাই আলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পেক্ষাগৃহত বহুকেইজন কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাগৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে।
জিলা সমিতিৰ সভাপতি পৰশ জ্যোতি দাসে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা বিশেষ অভিনন্দন অনুষ্ঠানৰ সভাপতিত্ব কৰে দিচাং ধাই আলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মানিক গগৈয়ে।
কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য সত্যনাৰায়ণ দাস, জিলা সমিতিৰ সম্পাদক মৃদুল দাস, উপসভাপতি মতিক্য প্ৰসাদ দাস, মুখ্য সাংগঠনিক সম্পাদক ৰবীন বড়া, দিচাং ধাই আলি গাঁও পঞ্চায়তৰ সভানেত্ৰী অবন্তি গগৈ, দিচাংপাৰ গাঁও পঞ্চায়তৰ সভাপতি বিনোদ দাস উপস্থিত থকা সভাখনিতেই অঞ্চলটোৰ শিক্ষক মানিক গগৈ, দ্বিপেন বৰদলৈ, জিন্তুমণী গগৈৰ লগতে পূৰ্ণিমা বৰুৱাক সন্থাই কৃতী শিক্ষক হিচাপে মান্যতা প্ৰদান কৰি বটাঁ প্ৰদান কৰে।
উক্ত অনুষ্ঠানতেই সদ্য ঘোষিত স্নাতক পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত দ্বিতীয় স্থান লাভ কৰা কিৰণজ্যোতি দাস আৰু একাদশ স্থান লাভ কৰা পমী দাসক সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ লগতে ৫০ জনকৈ কৃতী ছাত্ৰ ছাত্ৰীক সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে।