পশ্চিমবংগৰ খড়্গপুৰত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আইপিএছ বিষয়া বুশৰা বানোক তেওঁৰ পদৰ পৰা বদলি কৰা হৈছে। অসামৰিক সেৱাৰ প্ৰতিযোগীসকলৰ উদ্দেশ্যে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত ইছলামীয় সম্ভাষণ ব্যৱহাৰ কৰাক লৈ এটা হিন্দু সোঁপন্থী সংগঠনে আপত্তি দৰ্শাই চৰকাৰৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাছতেই প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে।
১৩ ছেপ্টেম্বৰ, দেওবাৰে আইপিএছ বিষয়াগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’যোগে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। উক্ত ভিডিঅ’টোত তেওঁ ইউপিএছচি পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ আৱাসিক ক’চিং একাডেমীৰ পৰা লাভ কৰা সহায়ৰ কথা উল্লেখ কৰিছিল। পিএইচডি সম্পূৰ্ণ কৰাৰ পাছত আৰু চৌদি আৰৱত অধ্যাপনাৰ চাকৰি এৰি আহি ইউপিএছচিৰ প্ৰস্তুতি আৰম্ভ কৰা বুলি প্ৰকাশ কৰি তেওঁ একাডেমীখনৰ গ্ৰন্থাগাৰ তথা মক টেষ্টৰ সুবিধা গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনাইছিল।
কিন্তু ভিডিঅ’টোৰ আৰম্ভণিতে ‘আছছালামু আলাইকুম’, মাজত ‘ইনশ্বাল্লাহ’ আৰু শেষত ‘জাজাকাল্লাহ’ শব্দ ব্যৱহাৰ কৰাক লৈ হিন্দু নেটৱৰ্ক ফাউণ্ডেচনৰ অংগ হিন্দু লিগেল ফাণ্ডে ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছে। সংগঠনটোৱে পশ্চিমবংগৰ গৃহ সচিবলৈ এই সন্দৰ্ভত অভিযোগ প্ৰেৰণ কৰি দাবী কৰে যে এগৰাকী চৰকাৰী বিষয়াই ৰাজহুৱা স্থানত ‘বন্দে মাতৰম’ বা ‘জয় হিন্দ’ৰ দৰে ৰাষ্ট্ৰীয় সম্ভাষণহে ব্যৱহাৰ কৰা উচিত। সংগঠনটোৱে ‘এক্স’ত প্ৰকাশ কৰে যে ভাৰতীয় ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা এগৰাকী কৰ্মৰত বিষয়াই নিৰপেক্ষতা বজাই ৰাখিব লাগে আৰু ৰাজহুৱা সংবাদত ৰাষ্ট্ৰীয় প্ৰকাশভংগী ব্যৱহাৰ কৰিব লাগে। এই অভিযোগৰ পাছতেই বিষয়াগৰাকীৰ বদলিৰ নিৰ্দেশ জাৰি কৰা হয়।
বিষয়াগৰাকীৰ বদলিৰ পাছতে ছ’চিয়েল মিডিয়াত এই কাৰ্যৰ সপক্ষে আৰু বিপক্ষে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহু লোকে বিষয়টোক চৰকাৰী কৰ্মচাৰীৰ ব্যক্তিগত ধৰ্মীয় বিশ্বাসৰ প্ৰকাশ বুলি অভিহিত কৰি ইয়াৰ দ্বাৰা চৰকাৰী নিৰপেক্ষতা ভংগ হোৱা নাই বুলি যুক্তি দৰ্শাইছে। প্ৰাক্তন অসামৰিক সেৱাৰ বিষয়া আশীষ যোশীয়ে বানোৰ সমৰ্থনত মত প্ৰকাশ কৰি কয় যে, দুবাৰকৈ ইউপিএছচি উত্তীৰ্ণ হৈ দেশ সেৱাৰ বাবে চৌদি আৰৱৰ চাকৰি এৰি অহা এগৰাকী বিষয়াৰ ব্যক্তিগত ধৰ্মীয় সম্ভাষণে দেশৰ প্ৰতি থকা তেওঁৰ নিষ্ঠাক কেতিয়াও প্ৰশ্নবিদ্ধ কৰিব নোৱাৰে। আন এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে প্ৰশ্ন উত্থাপন কৰে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘জেএছআৰ’ ব্যৱহাৰ কৰাটো যদি গ্ৰহণযোগ্য হয়, তেন্তে এগৰাকী মুছলমান আইপিএছ বিষয়াৰ ইছলামীয় সম্ভাষণত কিয় আপত্তি কৰা হৈছে।
আইপিএছ বিষয়া বুশৰা বানোৰ এই বদলিৰ ঘটনাই চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা অনুষ্ঠানসমূহত বিষয়া-কৰ্মচাৰীৰ ধৰ্মীয় পৰিচয় আৰু মত প্ৰকাশৰ অধিকাৰক লৈ চলি থকা বিতৰ্কক পুনৰবাৰ উনুকিয়াই দিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে এতিয়া চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ‘ধৰ্মীয় নিৰপেক্ষতা’ৰ প্ৰকৃত অৰ্থ আৰু ব্যক্তিগত বিশ্বাস প্ৰকাশৰ পৰিসৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে।





