২জন হিন্দীভাষী ব্যৱসায়ীক হত্যাৰ প্ৰতিবাদত আজি ডিমৌৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ

shutters-down-750x375

ডিমৌত ২জন হিন্দীভাষীক হত্যা কৰাৰ প্ৰতিবাদত শিৱসাগৰৰ ডিমৌৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আজি  ২৩ নৱেম্বৰ শুকুৰবাৰে বন্ধ ৰখা হয়। উল্লেখ্য যে ২২ নৱেম্বৰ বৃহস্পতিবাৰে আবেলি ডিমৌৰ এখন হাৰ্ডৱেৰ দোকানত উচ্চ প্ৰাৱল্যৰ বিষ্ফোৰণ ঘটাই দুজন হিন্দীভাষী লোকক হত্যা কৰা হৈছিল।

উক্ত বিষ্ফোৰণত দোকানখনৰ স্বত্তাধিকাৰী অনুপ গুপ্তা আৰু কমল আগৰৱালা নামৰ লোক দুজন নিহত হৈছিল। অনুপ আগৰৱালাৰ ঘটনাস্থলীতে মৃত্যু হৈছিল আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কমল আগৰৱালাই শেষ নিশ্বাস ত্যাগ কৰিছিল। এই লোক দুজনৰ মৃত্যুৱে সমগ্ৰ ডিমৌৰ ব্যৱসায়ী সমপ্ৰদায়ক আতংকগ্ৰস্ত কৰি তুলিছিল।

আৰক্ষী সূত্ৰৰ মতে দুমাহ পূৰ্বে কমল আগৰৱালাৰ ভায়েক মংলু আগৰৱালাই ডিমৌ পেট্ৰোল পাম্পত তেওঁৰ পৰা ধন সংগ্ৰহ কৰিবলৈ অহা আলফাৰ দুজন লিংকমেনক আৰক্ষীয়ে ধৰা পেলোৱাত সহায় কৰিছিল। তাৰ পাছত মংলু আগৰৱালাক আৰক্ষী নিৰাপত্তা প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে প্ৰায় ১০ বছৰ পূৰ্বে সন্দেহজন আলফাই (স্বাঃ) কমল আগৰৱালাৰ দোকানৰ সন্মুখত জধেমধে গুলিচালনা কৰিছিল। আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে চৰাইদেও জিলাৰে ৪জন আলফা সদস্য শিৱসাগৰত প্ৰৱেশ কৰিছে। সন্দেহ কৰা হৈছে যে এই ৪জন আলফা সদস্যই ডিমৌত বৃহস্পতিবাৰৰ বিষ্ফোৰণটো সংঘটিত কৰিছে।

আৰক্ষীৰ মতে বিগত ভালেকেইদিন মান ধৰি আলফাৰ (স্বা) গোটটোৱে আগৰৱালাৰ দোকানৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল আৰু বিষ্ফোৰণৰ পৰিকল্পনা কৰিছিল। সন্দেহ কৰা মতে অতি সুসংগঠিতভাৱে তেওঁৰ দোকানৰ কাষত আইইডি বিষ্ফোৰক সসংস্থাপন কৰা হৈছিল। জানিব পৰা মতে ডিমৌৰ বাসিন্দাসকলৰ ওচৰত কমল আগৰৱালা অতি জনপ্ৰিয় আছিল আৰু ডিমৌৰ স্থানীয় বাসিন্দাৰ সৈতে তেওঁ সু সম্পৰ্ক ৰাখি চলিছিল।