Barshshri Buragohain বৰ্ষাশ্ৰীলৈ লুইত কুমাৰ বৰ্মণৰ আইনী সাহাৰ্য্য!
আইনী যুঁজত সহায় কৰিবলৈ ইচ্ছুক লুইত কুমাৰ বৰ্মণ!
বৰ্মণক লাগে মাথো বৰ্ষাশ্ৰীৰ পৰিয়ালৰ সঁহাৰি!
এক ফেচবুকযোগে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে চলচ্চিত্ৰ প্ৰযোজক তথা ব্যৱসায়ী লুইত কুমাৰ বৰ্মণে।
লগতে পঢ়ক: Barshashri Buragohain: কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত বহিবলৈ অনুমতি দিলে আদালতে
অধিবক্তাৰ সহায়ৰ অভাৱৰ বাবেই মুকলি আকাশৰ তললৈ আহিব পৰা নাই নেকি বৰ্ষাশ্ৰী?
লুইত কুমাৰ বৰ্মণে ফেচবুক পোষ্টযোগে লিখি কয়, “FIR খন নোচোৱাকৈ মতামত দিব অসুবিধা। DGP আৰু Special DGP ৰ ভাষ্য self contradictory. তথাপিও মই যি বুজি পালোঁ কিবা লিখাৰ বাবেই ছোৱালীজনীক জেলত দিছে। দাদাকৰ লগত কথা পাতি এটাই অনুভৱ হ’ল যে উকিলৰ বাবেই আজিলৈ জামিন লব পৰা নাই। বোধকৰো টকাৰ অভাৱৰ বাবে ভাল উকিল লব পাৰা নাই। উচ্চ ন্যায়ালয়ত জামিনৰ তাৰিখ ২১ জুলাইতহে পৰিছে। District judge ৰ তাত নতুনকৈ আবেদন দিব নোৱাৰে কাৰন আবেদন ইতিমধ্যে উচ্চ ন্যায়ালয়ত। তথাপিও যি আৰ্থিক সহায় লাগে মই কৰিম বুলি কৈছোঁ।
মোৰ conclusion: সৰু ছোৱালী এজনীক এনেকৈ জেইলত দিব নালাগিছিল। কিবা ভুল লিখিছিল যদি counselling দিব পাৰিলেহেঁতেন। আইনী কথাবোৰ FIR চালেহে গম পাম।”
অৱশ্যে, বৰ্তমানলৈকে বৰ্ষাশ্ৰীৰ পৰিয়ালৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই লুইত কুমাৰ বৰ্মণে।
লগতে পঢ়ক: Barshashri Buragohain: কেতিয়া মুক্তি পাব বৰ্ষাশ্ৰীয়ে? টীয়কৰ বৰ্ষাশ্ৰীৰ ঘৰত ৰাইজৰ দলৰ প্ৰতিনিধি
ইপিনে, অহা ১৬ জুলাইৰ পৰা দ্বিতীয় ষান্মসিকৰ ছাত্ৰী বৰ্ষাশ্ৰীৰ পৰীক্ষা। সেয়েহে এইগৰাকী ছাত্ৰীক অনতিপলমে মুক্তি দি পৰীক্ষাত বহিব পৰা ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰলৈ সজোৰে আহ্বান জনাই পিতৃ-মাতৃয়ে।
ইয়াৰোপৰি, ফেচবুকত বিদ্ৰোহী কবিতা লিখি গ্ৰেপ্তাৰ হৈ ৫৭ দিন কাৰাগাৰৰ অতিথি হৈ থকা বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীৰে এতিয়া ছ’চিয়েল মেডিয়া তোলপাৰ লগা দেখিবলৈ পোৱা গৈছে।
অৱশ্যে, অৱশেষত পৰীক্ষা দিয়াৰ বাবে আদালতৰ পৰা অনুমতি লাভ কৰিলে বৰ্ষাশ্ৰীয়ে।