• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা ব্যৱসায়ী চিজো জেকবে লিখি থৈ যোৱা টোকাত বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ নাম  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2026 5:56 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ ২০২৬ৰ নিৰ্বাচনৰ ৰণশিঙা বাজি থকাৰ মাজতেই মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ বিৰুদ্ধে উত্থাপিত এটা পুৰণি অথচ চাঞ্চল্যকৰ অভিযোগে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

২০২৪ চনৰ আৰম্ভণিতে শ্বিলঙৰ এখন হোটেলত ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী চিজো জেকবৰ হস্তাক্ষৰ থকা এটা চুইচাইড নোট এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ নিজৰ মৃত্যুৰ বাবে বিজেপি নেতা বিজয় গুপ্তাক পোনপটীয়াকৈ জগৰীয়া কৰিছে।

Apply Now

এই ঘটনাই কেৱল মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ প্ৰাৰ্থিত্বৰ ওপৰতেই প্ৰশ্নৰ উত্থাপন কৰা নাই, বৰং শাসকীয় বিজেপি দলৰ ভিতৰচ’ৰাৰ বিত্তীয় কেলেংকাৰীৰ কদৰ্য ৰূপটোকো উদঙাই দিছে।

শ্বিলঙ আৰক্ষীৰ তথ্য অনুসৰি, ২০২৪ চনৰ ২৮ ফেব্ৰুৱাৰীত হোটেল এছেম্বলীৰ ২০৬ নম্বৰ কোঠাত ৪৭ বছৰীয়া জেকবৰ মৃতদেহ উদ্ধাৰ হৈছিল। বিচনাৰ ওপৰত পৰি থকা মৃতদেহটোৰ মুখত তেজৰ চেকুৰা আৰু কোঠাটোত শ্লিপিং টেবলেটৰ অৱশেষ পোৱা গৈছিল।

কিন্তু এতিয়া পোহৰলৈ অহা মৃত্যুৰ পূৰ্বৰ টোকাটোৱে সমগ্ৰ ঘটনাটোক এক গভীৰ ষড়যন্ত্ৰৰ ফালে আঙুলিয়াই দিছে। ‘অসম বিজেপিৰ ‘মিষ্টাৰ বিজয় গুপ্তা’লৈ বুলি সম্বোধন কৰি লিখা এই নোটত জেকবে স্পষ্টকৈ লিখি থৈ গৈছে যে তেওঁৰ বৰ্তমানৰ দুৰৱস্থা আৰু মৃত্যুৰ বাবে বিজয় গুপ্তাই দায়ী।

আধাৰ কাৰ্ডৰ এক বৃহৎ প্ৰকল্পৰ নামত হোৱা বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰি জেকবে লিখিছে যে বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা প্ৰায় ১.২০ কোটি টকা গেলেক্সী স্কেলছ এণ্ড চিষ্টেমছ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ একাউণ্টত জমা কৰা হৈছিল। এই প্ৰতিষ্ঠানটো গুপ্তাৰ এজন আত্মীয়ৰ জৰিয়তে এই প্ৰকল্পত বিজয় গুপ্তাক অন্তৰ্ভুক্ত কৰা হৈছিল বুলি জেকবে গুৰুতৰ অভিযোগ তুলিছে।

সৰ্বাধিক চাঞ্চল্যকৰ বিষয়টো হ’ল, জেকবে অভিযোগ কৰিছে যে প্ৰকল্পটোৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে বিজয় গুপ্তাৰ কোনো বিত্তীয় অংশীদাৰিত্ব নাছিল যদিও পৰৱৰ্তী সময়ত তেওঁ অতি চাতুৰালীৰে সমগ্ৰ প্ৰকল্পটো নিজৰ হাতলৈ লৈ যায়।

ছিলভাৰ টাচ্চ টেকন’লজিছ লিমিটেড নামৰ এটা কোম্পানীক ব্যৱহাৰ কৰি জেকব আৰু অন্যান্য অংশীদাৰসকলক আঁতৰাই পঠোৱা হৈছিল যাতে প্ৰকল্পটোৰ লাভৰ ধন মুষ্টিমেয় কেইজনমান লোকে আত্মসাৎ কৰিব পাৰে। প্ৰকল্পটোৰ পৰা ২৫ শতাংশ লাভৰ অংশ দিয়াৰ প্ৰতিশ্ৰুতি দিও বিজয় গুপ্তাই জেকবক প্ৰতাৰণা কৰা বুলি নোটটোত উল্লেখ আছে। যিবোৰ অভিযোগৰ এতিয়া নিৰ্বাচনৰ সময়ত বিশেষ তাৎপৰ্য বহন কৰিছে।

কেৰালাৰ পৰা আহি বিগত ১৫ বছৰ ধৰি অসমত আইটি প্ৰশিক্ষণ কেন্দ্ৰ, ফিট নৰ্থইষ্ট আৰু ইষ্ট ইকোৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠান চলোৱা উচ্চশিক্ষিত জেকবৰ এই আত্মহত্যাৰ টোকাটোৱে এতিয়া বিজেপি দলৰ স্বচ্ছতাৰ ওপৰত এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন উদয় কৰিছে।

মধ্য গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে উত্থাপিত এনে ভয়ংকৰ অভিযোগ এতিয়া বিজেপিৰ বিৰোধী দলসমূহৰ হাতত এক শক্তিশালী অস্ত্ৰ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd