• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: অদমনীয় বাটলাৰ! অথলে গ’ল কিং কোহলীৰ বিৰাট ইনিংছ; দুৰ্দান্ত বেটিঙেৰ জয় কাঢ়ি নিলে ৰাজস্থানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2024 8:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰাট কোহলীৰ শতক অথলে গ’ল, ঘৰুৱা খেলপথাৰত বেটিং পৰাক্ৰমেৰে বেংগালুৰুৰ পৰা জয় কাঢ়ি লৈ ​​গ’ল ৰাজস্থানে। জয়পুৰৰ স্বোয়া মান সিং ষ্টেডিয়াম দুটাকৈ ৰাজকীয় শতকৰ এক ঐতিহাসিক নিশাৰ সাক্ষী হৈ ৰ’ল। জোছ বাটলাৰৰ অপৰাজিত শতক, সঞ্জু চেমছনৰ ৬৯ ৰানৰ অধিনায়কোচিত ইনিংছৰ বাবে বেংগালুৰুৱে ছিজনৰ চতুৰ্থটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

খেলখনত ৰাজস্থানে ৬ উইকেটত জয়লাভ কৰে। বাটলাৰে ৫৮টা বলত অপৰাজিত ১০০ ৰান সংগ্ৰহ কৰে। চাৰিটা ছয়, নটা চাৰিৰে সজাইছিল নিজৰ ইনিংছটো। আৰম্ভণিতে যশস্বী জয়ছৱাল শূন্য ৰাণতে উভতি গৈছিল যদিও বাটলাৰ আৰু সঞ্জুৰ বেটিঙত কোনো প্ৰভাৱ পৰা নাছিল।

ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে সকলো হিচাপ-নিকাচ ছিন্নভিন্ন হৈ পৰে। সৌজন্যত কিং কোহলী। বিৰাটে সঁচাকৈয়ে ৰজাৰ দৰে বেট কৰে।

Apply Now

ধ্ৰুপদী ক্ৰিকেটীয় শ্বট খেলিয়েই তেওঁ অপৰাজিত শতক (৭২ বলত ১১৩ ৰান) অৰ্জন কৰে। তেওঁৰ বিস্ফোৰক ইনিংছটোত আছিল ৪ টা অভাৰ বাউণ্ডেৰী আৰু ১২টা বাউণ্ডেৰী । ষ্ট্ৰাইক ৰেট ১৫৬.৯৪।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে বিৰাট কোহলীৰ পৰাক্ৰমেৰেই ৩ টা উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে। টী-২০ বিশ্বকাপৰ দল নিৰ্বাচনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ যোন প্ৰত্যুত্তৰ দিলে কোহলীৰ বেটে!

শনিবাৰৰ ইনিংছটোৰ ফলস্বৰূপে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আই পি এলৰ প্ৰথম বেটছমেন হিচাপে ৭৫০০ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰে। দ্বিতীয় সন্তানৰ জন্মৰ সময়ত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব নোৱাৰাৰ বাবে আই পি এলৰ পূৰ্বে অনুশীলনৰ পৰা আঁতৰি যোৱাত কোহলীক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। প্ৰশ্ন হৈছিল, ক্ৰিকেট হঠাতে বিৰাটৰ জীৱনত গৌণ হৈ পৰিল নেকি? কিংবদন্তিৰ অবাধ্য বেটিঙে শনিবাৰৰ দিনটোত সকলো প্ৰশ্নৰ উত্তৰ দিলে।

ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব’ল্টৰ দৰে বলাৰক আক্ৰমণাত্মক বিৰাটৰ সন্মুখত তেনেই সাধাৰণ দেখা গৈছিল। বেংগালুৰুৰ অধিনায়ক ডুপ্লেছিয়ে কোহলীক উপযুক্ত সংগ দিয়ে। তেওঁ ৩৩টা বলত ৪৪ ৰান সংগ্ৰহ কৰে। মুঠতে বাংগালোৰে ৩ উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে।

যশস্বী শূন্য ৰাণত উভতি যায়। কিন্তু তাতেই থমকিল যুঁজ। ইয়াৰ পিছত বাটলাৰ আৰু চেমছনৰ বেটিং চমক আৰম্ভ হয়। দুয়োৱে আগ্ৰাসী ৰূপত আছিল। ৰাইছ টপলে, মহম্মদ চিৰাজ আৰু যশ দয়ালে উইকেট লাভ কৰে যদিও ৰাজস্থানৰ ৰানৰ গতি ৰোধ কৰিব পৰা নগ’ল।

বাটলাৰে ৫৮ বলত ১০০ ৰানৰ ইনিংছ খেলি পিংক জাৰ্চিৰ সমৰ্থকসকলৰ মুখত হাঁহি বিৰিঙাই তোলে। মেচত জয়ী হৈ ড্ৰেছিং ৰুমলৈ উভতিছিল। আনহাতে অধিনায়কত্বৰ দায়িত্বত থকা সঞ্জুৱে ৬৯ ৰানৰ সাৱলীল ইনিংছ খেলে। ১৯ অভাৰ ১টা বলত নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয় ৰাজস্থান ৰয়েলছ। চলিত আই পি এলত তেওঁলোকৰ চতুৰ্থটো জয় লাভ।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু : ১৮৩/৩ (বিৰাট কোহলি ১১৩, ডুপ্লেছিছ ৪৪)

ৰাজস্থান ৰয়েলছ : ১৮৯/৪ (জোছ বাটলাৰ ১০০, সঞ্জু চেমছন : ৬৯)

ৰাজস্থানে ৬ উইকেটত জয়লাভ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd