NORTHEAST NOW (Assamese)

উপ নিৰ্বাচন : সোণাৰিত তপন গগৈ, শৰৎ বৰকটকীয়ে সাব্যস্ত কৰিলে ভোটদান

October 21, 2019 12:45 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: October 21, 2019 12:48 pm

আজি পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ আন তিনিটা সমষ্টিৰ সৈতে সোণাৰি বিধানসভা সমষ্টিত চলি থকা উপ নিৰ্বাচনৰ ভোট গ্ৰহণত সাংসদ তপন কুমাৰ গগৈয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

পৰিয়ালসহ নগাহাট হাইস্কুলত ভোটদান কৰি তেওঁ কয় ‘বিজেপিয়ে কোনো জাত-পাতৰ ৰাজনীতি কৰা নাই আৰু সবকা সাথ সবকা বিকাশৰ শ্ল’গানেৰে সকলোকে লগত লৈ আগবাঢ়ি গৈছে বাবে ৰাইজে প্ৰতিটো নিৰ্বানত বিজেপিক আকোৱালি লৈছে।’

এই নিৰ্বাচনো তাৰ ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰি বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈ বিপুল ভোটত জয়ী হ’ব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।

পত্নীসহ কংগ্ৰেছ প্ৰাৰ্থী সুশীল কুমাৰ চুড়ী

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী সুশীল কুমাৰ চুড়ীয়ে পত্নীক লগত লৈ ৯৪৫ নং ৰঙাপথাৰ প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

প্ৰাৰ্থী গৰাকীয়ে কয়, ‘সোণাৰিত এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। বিজেপি দলে দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ কথা ৰাইজে এতিয়া বুজি পাইছে। গতিকে তেওঁ বিজয়ী হোৱাটো ১০০ শতাংশ নিশ্চিত।’

আনহাতে সোণাৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শৰৎ বৰকটকীয়ে ভোটদান কৰি কয়, ‘সমষ্টিটোত বহুদিন ধৰি চাহ জনগোষ্টীয় নেতাক দিব লাগে বুলি এটা দাবী উঠি আহিছিল, কংগ্ৰেছে এইবাৰ এজন সৎ শিক্ষিত চাহ জনগোষ্ঠীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। সোণাৰি সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হব।’

সোণাৰি সমষ্টিত দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। ১ লাখ ৭০ হাজাৰ ৩৪০ গৰাকী ভোটাৰে কংগ্ৰেছৰ সুশীল কুমাৰ চুড়ী আৰু বিজেপিৰ নৱনীতা সন্দিকৈৰ ভাগ্য নিৰ্ণয় কৰিব। সমষ্টিটোৰ মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ২০২ টা।

Related News