• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত উপ নিৰ্বাচনলৈ সাজু চাৰি সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 21, 2019 9:39 pm
By-polls in Assam: Congress ready to flatten BJP tyre

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীসকল অসমৰ চাৰিটা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনলৈ সাজু হৈ উঠিছে।

চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে।

Apply Now

কোঁৱৰে কয় ‘যোৱা ৬ মাহত চাৰিটা বিধানসভা সমষ্টিত দলীয় কাম-কাজ কৰি থকা হৈছে। আমি সম্পূৰ্ণৰূপে সাজু।’

ৰঙাপাৰা, সোণাৰী, জনিয়া আৰু ৰাতাবাৰী এই চাৰি সমষ্টিত অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন।

শাসনাধিস্থ বিজেপিৰ সমান্তৰালকৈ নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈ উঠিছে বিৰোধী দল কংগ্ৰেছ।

উপ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক কমিটিৰ কোনোধৰণৰ সাল-সলনি নকৰাকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বতে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিব কংগ্ৰেছ।

নৰ্থইষ্ট নাওৰ সাংবাদিকৰে হোৱা কথা-বতৰাত এই কথা জানিবলৈ দিয়ে কোঁৱৰে।

‘উপ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক কমিটীৰ কোনোধৰণৰ সাল-সলনি নহয়। এইবোৰ কিছুসংখ্যক মিডিয়াৰ দ্বাৰা সৃষ্ট বতৰা। ৰিপুণ বৰাৰ নেতৃত্বতে সকলো একত্ৰিত হৈ উপ নিৰ্বাচনত যুঁজ দিব।’ আমাৰ সাংবাদিকৰ আগত এইদৰে কয় কোঁৱৰে।

আনহাতে, এই উপ নিৰ্বাচনত কিদৰে ৰাইজৰ সমৰ্থন আদায় কৰি বিজেপি দলক পৰাভূত কৰিব তাৰো বৰ্ণনা কৰে কোঁৱৰে।

‘চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে, চিণ্ডিকেটৰাজ চলাই আছে, বিজ্ঞাপনত এই চৰকাৰ চলি আছে, বানপানীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা অনাৰ ক্ষেত্ৰতে বিফল, পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগত উন্নয়নৰ নামত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ টকা দিব পৰা নাই।’ বিজেপি চৰকাৰৰ এইসমূহ দুৰ্বলতা লৈয়ে কংগ্ৰেছ দলটো ৰাইজৰ কাষ চাপিব বুলি কোঁৱৰে কয়।

ইপিনে, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা সাম্প্ৰদায়িক শক্তিসমূহে গা কৰি উঠা বুলি কোঁৱৰে মন্তব্য কৰে।

‘অতি দুৰ্ভাগ্যজনকভাৱে সাম্প্ৰদায়িক শক্তি এই চৰকাৰৰ দিনতে শক্তিশালী হৈ পৰিছে। অসমৰ ধৰ্ম নিৰপেক্ষ সমাজ ব্যৱস্থাত আঘাত হানি এই চৰকাৰৰ দিনতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পা আৰম্ভ হৈছে। এই সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি তুলিছে তথা এই ইছু লৈয়ো উপ নিৰ্বাচনত ৰাইজৰ কাষলৈ যাম।’ কোঁৱৰে কয়।

আনহাতে, উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাসকলে অহা ২৩ চেপ্তেম্বৰৰ ভিতৰত জিলা কংগ্ৰেছ কমিটিৰ হাতত তেওঁলোকৰ আবেদনসমূহ দিব লাগিব বুলি জানিবলৈ দিয়ে দলটোৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই।

লগতে প্ৰাৰ্থীৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰাধিকাৰ দিয়া হ’ব সেই সম্পৰ্কেও তেওঁ উল্লেখ কৰে।

‘কংগ্ৰেছে এইবাৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মীয়ে সমৰ্থন জনোৱা বা অগ্ৰাধিকাৰ দিয়া প্ৰাৰ্থীক উপ নিৰ্বাচনত থিয় কৰাব।’ আমাৰ সাংবাদিকৰ আগত ভট্টাচাৰ্য্যই কয়।

ইয়াৰোপৰি প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত নতুন মুখক প্ৰাধান্য দিয়া হ’ব বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যই লগতে কয় ‘জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতাৰ ওপৰতো প্ৰাধান্য দিয়া হ’ব।’

ইপিনে, জ্যেষ্ঠসকলৰ সমান্তৰালকৈ নবীন প্ৰাৰ্থীৰো উপ নিৰ্বাচনত সমাহাৰ ঘটিব বুলি মন্তব্য কৰে ভট্টাচাৰ্য্যই।

আনহাতে, নাম প্ৰকাশত অনিচ্ছুক এক সূত্ৰই জানিবলৈ দিয়া মতে আটাইকেইটা সমষ্টিৰ ভিতৰত জনিয়া সমষ্টিতে আটাইতকৈ বেছি প্ৰাৰ্থীয়ে আবেদন জনোৱাৰ সম্ভাৱনা আছে।

ইয়াৰোপৰি ৰঙাপাৰা সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতী, অভিজিৎ হাজৰিকা, যুৱ প্ৰজন্মৰ প্ৰতিনিধি কাৰ্তিক কুৰ্মীয়ে টিকট বিচৰাৰ সম্ভাৱনা প্ৰকট বুলি এক সূত্ৰই আমাক জানিবলৈ দিয়ে।

তদুপৰি, সোণাৰিত শৰৎ বৰকটকী, উৎপল গগৈ, সুশীল চুৰিন, পদ্মা তাছা(মহিলা), ৰেণু সন্দিকৈকে ধৰি অন্য বহুসংখ্যকে টিকট বিচৰাৰ সম্ভাৱনা আছে।

জনিয়া সমষ্টিৰ পৰা টিকট বিচৰাৰ ক্ষেত্ৰত ব্লক সভাপতি আজগড় আলি আহমেদ, সমাজ সেৱক ড০ আশ্ৰাফুলকে ধৰি একুৰিতকৈ অধিক লোক আছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd