• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

চকুৰ গুৰিৰ ক’লা দাগক লৈ ভুগিছে সমস্যাত! মানি চলক এইকেইটা উপায়, পাব সুফল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2023 3:48 pm
dark circles
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া উৎকট গৰমৰ দিন। নিজৰ গাৰ ছালখন নিমৰ কৰি ৰখাৰ বাবে প্ৰয়োজনীয় সকলো যত্ন নিশ্চয় আপুনি লৈছে। কিন্তু তাৰ মাজতে আপোনাৰ চকুৰ গুৰিত বহা ক’লা দাগ অৰ্থাৎ ‘ডাৰ্ক চাৰ্কল’ক লৈ আপুনি হয়তো সমস্যাত পৰিছে! আৰু আপোনাৰ এই সমস্যাই আপোনাৰ মনলৈ আনিছে হতাশা!

কিন্তু এই সমস্যা আপুনি নিজেই সহজতে নিৰাময় কৰিব পাৰিব। তাৰ বাবে অৱলম্বন কৰিব লাগিব কিছুমান সাধাৰণ উপায়। অৱশ্যে ইয়াৰ আগতে আপুনি জানিব লাগিব চকুৰ গুৰিত এই ক’লা দাগ বা ডাৰ্ক চাৰ্কল পৰাৰ কাৰণ।

Apply Now

সাধাৰণতে জীৱনশৈলীৰ সমস্যা- টোপনিৰ অভাৱ, মানসিক চাপ আদিৰ বাবে চকুৰ তলত ক’লা দাগ পৰিব পাৰে। সেইদৰে সঠিকভাৱে খাদ্য গ্ৰহণ নকৰা আৰু আইৰণৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱেও ক’লা দাগ বহাব পাৰে।

অৱশ্যে কেতিয়াবা মুখাৱয়বৰ গঠনৰ বাবেও আপোনাৰ চকুৰ গুৰি ক’লা দেখাব পাৰে। আনহাতে ছালৰ ৰোগ, ঘা জ্বৰকে ধৰি এলাৰ্জীৰ ফলত আৰু বংশগত কাৰণতো চকুৰ তলৰ অংশত ক’লা দাগ হ’ব পাৰে।

এই কাৰণসমূহ চিনাক্ত কৰিব পাৰিলেই আপুনি এই সমস্যা আঁতৰ কৰিব পাৰিব। অৱশ্যে বংশগত বা ছালৰ ৰোগ আদিৰ ক্ষেত্ৰত আপুনি নিশ্চয় চিকিৎসকৰ কাষ চাপিব লাগিব। কিন্তু আপুনি নিজেই অৱলম্বন কৰিব পৰা নিৰাময়ৰ উপায় জানি ল’ব পাৰে-

জীৱনশৈলীৰ পৰিৱৰ্তন

ডাৰ্ক চাৰ্কলৰ চিকিৎসাৰ ক্ষেত্ৰত জীৱনশৈলীৰ পৰিৱৰ্তনক প্ৰথমে প্ৰাধান্য দিয়া হয়। যদি ৰোগ নিৰ্ণয়ৰ সময়ত টোপনিৰ অভাৱ বা বহু সময় ধৰি কম্পিউটাৰ, মোবাইল বা টেলিভিচনৰ স্ক্ৰীণলৈ চাই থকা, অপুষ্টিকৰ খাদ্য গ্ৰহণৰ বাবে ক’লা দাগ বহা বুলি ধৰা পৰে, তেতিয়া সেই অনুসৰি আপুনি এই অভ্যাস পৰিত্যাগ কৰিব লাগিব।

নিয়মিত ৭-৮ ঘণ্টা ভালদৰে শোৱা, কম্পিউটাৰ, মোবাইল বা টেলিভিচনৰ লগত সময় সীমিত কৰা, ৰ’দত বাহিৰলৈ যোৱাৰ সময়ত ছানগ্লাছ পিন্ধা, স্বাস্থ্যকৰ, পুষ্টিকৰ খাদ্য খোৱা আৰু জাংক ফুড পৰিহাৰ কৰা আদি ডাৰ্ক চাৰ্কলৰ পৰা মুক্তি পাবলৈ মানি চলা কিছুমান সহজ পদ্ধতি।

ঘৰুৱা উপায়

ডাৰ্ক চাৰ্কলৰ অন্তৰ্নিহিত কাৰণ জানিব পাৰিলে ঘৰুৱা চিকিৎসাৰ দ্বাৰা সুফল লাভ কৰিব পাৰি। ছালৰ বিশেষজ্ঞ চিকিৎসকসকলে ঘৰতে কৰিব পৰা এনে কিছু চিকিৎসা পদ্ধতিৰ পৰামৰ্শ দিছে, যাৰ দ্বাৰা ক’লা দাগৰ প্ৰভাৱ কম হয়।

এনে পৰামৰ্শ অনুসৰি চকুৰ পেশী শক্তিশালী কৰিবলৈ অনুকূল ব্যায়াম কৰিব লাগে। সেইদৰে জিৰণিৰ সময়ত চকুত তিয়ঁহৰ কটা টুকুৰা ৰাখিব পাৰে। টি বেগ ব্যৱহাৰ কৰিও এইক্ষেত্ৰত সুফল পাব পাৰি। প্ৰথমে টি-বেগ পানীত উতলাই ফ্ৰীজত ৰাখি পিছত জিৰণিৰ সময়ত চকুত ল’লে উপকৃত হ’ব।

চকুৰ গুৰিৰ তলত আলুৰ ৰস প্ৰয়োগ কৰিলেও ক’লা দাগৰ প্ৰভাৱ কম হয়। আনহাতে ভিটামিন চি, কজিক এচিড, এজেলাইক এচিড বা কেফেইনৰ দৰে সক্ৰিয় উপাদান থকা ছালৰ যত্নৰ বাবে থকা সামগ্ৰীও ব্যৱহাৰ কৰিব পাৰে। এই উপাদানবোৰে ক’লা দাগ পাতল কৰাত সহায় কৰে।

কিন্তু পূৰ্বেই উল্লেখ কৰাৰ দৰে জীৱনশৈলীৰ পৰিৱৰ্তন আৰু ঘৰুৱা উপায়সমূহ ডাৰ্ক চাৰ্কলৰ অন্তৰ্নিহিত কাৰণ জানিব পৰাৰ পিছতহে ফলপ্ৰসূ হ’ব। যদি আপোনাৰ ডাৰ্ক চাৰ্কলৰ আঁৰৰ কাৰণ শাৰীৰিক হয়, তেতিয়া আপুনি চিকিৎসকৰ কাষ চপা নিতান্তই প্ৰয়োজনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm
চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd