• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোটেইখন নিমিলা অংক! কংগ্ৰেছ-ৰাইজৰ দল-AJP য়ে কাক এৰিব, কাক ধৰিব?

সমষ্টিক লৈ ব্যাপক খেলিমেলি তিনি ৰাজনৈতিক দলৰ মাজত; সকলো নিজৰ স্থিতিত অটল

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 1, 2021 8:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত উপ নিৰ্বাচন। এমাহৰ পাছতেই অনুষ্ঠিত হ’ব পাঁচটাকৈ সমষ্টিৰ উপ নিৰ্বাচন। উক্ত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ৰাজনৈতিক মহলত গৰম বতাহ ববলৈ আৰম্ভ কৰিছে।

ৰাজনৈতিক দৃশ্যপটসমূহো সঘনাই সলনি হোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ প্ৰাৰ্থী নিৰ্বাচন বা কোনে কোন সমষ্টিৰ পৰা প্ৰাৰ্থী দিব তাক লৈ বৰ্তমানো অৱ্যাহত আছে জল্পনা-কল্পনা।

Apply Now

আনকি কোনো ৰাজনৈতিক দলে যদি বিয়লি ভাগত সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থী ঘোষণা কৰি এখোজ আগুৱাইছে তাৰ বিপৰীতে সন্ধিয়াৰ ভাগলৈ সেই সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত দুখোজ পিছুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

শুক্ৰবাৰৰ দিনৰ ভাগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা দি অকলে নিৰ্বাচনত ৰাইজৰ দলে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল তথা মৰিয়নীত সঞ্জীৱ গগৈ আৰু থাওৰাত ধৈয্য কোঁৱৰক প্ৰাৰ্থীত্ব দিয়াৰ কথা ঘোষণা কৰিছিল।

কিন্তু তাৰ কিছু সময়ৰ পাছতে সলনি হ’ল ৰাজনৈতিক প্ৰেক্ষাপট। কিয়নো কংগ্ৰেছে ৰাইজৰ দলক এখন আসন আৰু অসম জাতীয় পৰিষদক এখন আসন এৰি বাকী ৪ খনত কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰিব তথা প্ৰত্যেকটো সমষ্টিতে এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ কথা ঘোষণা  কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমাধ্যমৰ আগত কয় ‘চাৰিখন আসনত কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰাব। এখন আসনত ৰাইজৰ দলৰ বাবে আৰু অন্য এখন অসম জাতীয় পৰিষদৰ বাবে এৰি দিয়া হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।‘

কিন্তু এক চৰ্ত সাপেক্ষেহে আসন কেইখন এৰি দিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এখন আসন বাদ কৰি বাকী ৫ খন আসনত কংগ্ৰেছক প্ৰচাৰৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় কৰিব লাগিব।‘

ইপিনে, কোনখন আসন কাক এৰি দিয়া হৈছে সেই সম্পৰ্কে জনাই দিয়া হৈছে বুলি উল্লেখ কৰি বৰাই আৰু কয় ‘লুৰীণজ্যোতি গগৈয়ে যিখন আসন দিবলৈ আমাক অনুৰোধ জনাইছিল সেই আসনখন দিবৰ বাবে সভাই সন্মতি প্ৰকাশ কৰিছে।AJP য়ে মাজুলী আৰু তামুলপুৰ বিচাৰিছিল। আমি তেওঁলোকক জনাইছিলো যে দুখন আসন দিবলৈ অসুবিধা হ’ব।‘

সুত্ৰ অনুসৰি মাজুলী সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

ইপিনে, প্ৰদেশ কংগ্ৰেছৰ এই ঘোষণাৰ পাছতে যেন ৰাইজৰ দলৰ স্থিতি কিছু পৰিমাণে সলনি হোৱা দেখিবলৈ পোৱা গৈছে।

এই নিমিলা অংক সন্দৰ্ভত ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনক আমাৰ সাংবাদিক কল্পজ্যোতি শইকীয়াই সোধাত তেওঁ থাওৰা সমষ্টিটো ৰাইজৰ দলক লাগিবই বুলি স্পষ্ট কৰি দিয়ে।

তেওঁ কয় ‘মিত্ৰতাৰ স্বাৰ্থত প্ৰয়োজন হ’লে মৰিয়নী সমষ্টিটো এৰি দিম। আমি ঘোষণা কৰা থাওৰা সমষ্টিক বাদ কৰি বেলেগত দিলে অসুবিধা হ’ব। কোনোপধ্যে আমি থাওৰা সমষ্টি এৰি নিদিওঁ।‘

কিন্তু সুত্ৰ অনুসৰি কংগ্ৰেছে থাওৰা সমষ্টিটো এৰি দিব বিচৰা নাই ৰাইজৰ দলক। হয়তো ৰাইজৰ দলক ভৱানীপুৰ সমষ্টিটো এৰি দিব প্ৰদেশ কংগ্ৰেছে।

কিন্তু ভৱানীপুৰ সমষ্টিটো যে ৰাইজৰ দলে কোনোপধ্যে মানি নলয় সেয়া ধুৰুপ। তাৰ বিপৰীতে থাওৰা সমষ্টিৰ কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থীৰ পেনেল ইতিমধ্যে কংগ্ৰেছৰ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছে কংগ্ৰেছে। তাৰ ভিতৰত মনোৰঞ্জন কোঁৱৰ আৰু অজয় গগৈ টিকটৰ প্ৰবল দাবীদাৰ বুলি সুত্ৰত প্ৰকাশ পাইছে। ইফালে ৰাইজৰ দলৰ হৈ প্ৰচাৰ তুংগত উঠাইছে ধৈয্য কোঁৱৰে।

আনফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি কৰা মন্তব্যৰ এক প্ৰকাৰৰ বিৰোধিতা কৰাৰ লগতে এই সন্দৰ্ভত জাতীয় পৰিষদে কোনো নিৰ্দিষ্ট সমষ্টি দাবী কৰা নাছিল বুলি স্পষ্ট কৰি দিয়ে।

এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম জাতীয় পৰিষদৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় ‘ উপনিৰ্বাচনত এটা সমষ্টিত বিৰোধী শিবিৰৰ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপৰ আমাৰ যি প্ৰস্তাৱ, সেই ধাৰণাটো সমষ্টিকেন্দ্ৰিক মুঠেই নহয়৷ আমাৰ বক্তব্যটো আছিল প্ৰথমে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়টোত সকলো বিজেপিবিৰোধী অসাম্প্ৰদায়িক দল সহমতত আহিব লাগে৷ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনত কোনোবা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলগীয়া নিশ্চয় হ’ব৷ কিন্তু জাতীয় পৰিষদে কংগ্ৰেছ দলক কোনো নিৰ্দিষ্ট সমষ্টিৰ দাবী উত্থাপন কৰা নাছিল৷ সহমতৰ ভিত্তিত যিকোনো সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ জাতীয় পৰিষদ সাজু৷ আজি কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰ বৈঠকে জাতীয় পৰিষদক উপনিৰ্বাচন হ’বলগীয়া ছটা সমষ্টিৰ এটা এৰি দিম বুলি কোৱা বুলি সংবাদ মাধ্যমৰ বন্ধুসকলে আমাক জনাইছে৷ আমি সংবাদ মাধ্যমত প্ৰকাশিত বক্তব্যৰ ওপৰত ভিত্তি কৰি প্ৰতিক্ৰিয়া দিব খোজা নাই৷ কংগ্ৰেছ দলে নিশ্চয় তেখেতসকলৰ সিদ্ধান্তৰ বিষয়ে আমাক আনুষ্ঠানিকভাৱে অৱগত কৰিব৷ তাৰ পিছত দলীয় মঞ্চত আলোচনা কৰিহে আমি সিদ্ধান্ত লম আৰু ৰাইজক জনাম৷”

এনেধৰণৰ নিমিলা অংকৰ মাজতেই শাসকীয় বিজেপি বিৰোধীৰ এনে খাম খেয়ালিৰ সুযোগ লৈ ইতিমধ্যে তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd