• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ: গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থীয়েও চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
October 20, 2021 7:30 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলৰ কৌশালগত নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে।

উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি-অগপ- ইউপিপিএলৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰী , কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভাস্কৰ দাহালৰ সমান্তৰাল ভাৱে গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী ব্ৰজেন নাথ ডেকাৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গনেশ কছাৰীয় তামুলপুৰত নিজ নিজ ৰণ কৌশল ৰচনা কৰি নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে।

Apply Now

গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী ব্ৰজেন নাথ ডেকাই নিৰ্বাচনী প্ৰচাৰৰ বাবে অতি সম্প্ৰতি ডাঙৰ ডাঙৰ সভা অনুষ্ঠিত নকৰি সমষ্টিটোৰ বিভিন্ন নামঘৰ, মন্দিৰ, ধৰ্মানুষ্ঠান আদিত সোমাই ৰাইজৰ আশীষ বিচাৰি নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা দেখা গৈছে।
তামুলপুৰৰ কচুবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামৰত চলি থকা শ্ৰীমন্ত।শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱত অংশগ্ৰহণ কৰি ভকত- বৈষ্ণৱৰ আশীৰ্বাদ গ্ৰহণ কৰে।

নামঘৰত আশীৰ্বাদ গ্ৰহণ কৰাৰ অন্তত সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ডেকাই কয় যে- আমি ডাঙৰ ডাঙৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে গাৱে গাৱে গৈ , মানুহৰ পদূলিয়ে পদূলিয়ে গৈ নিৰ্বাচনী প্ৰচাৰ চলাম।
ইতিমধ্যে আমি সকলো জাতি-জনগোষ্ঠীৰ লোকৰ পৰা ব্যাপক সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছো।

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজ আজি হিলদ’ল ভাঙি আহি মোৰ পক্ষত থিয় দিছে ।মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ প্ৰচাৰৰ বাবে মিত্ৰজোঁটৰ চৰকাৰৰ মন্ত্ৰী- বিধায়ক- বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপৰিও অসমৰ মুখ্য মন্ত্ৰী গৰাকীয়ে তামুলপুৰত নিৰ্বাচনী প্ৰচাৰত নামি পৰা সন্দৰ্ভত প্ৰাৰ্থী গৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত জি এছ পি প্ৰাৰ্থী ডেকাই কয়– মুখ্য মন্ত্ৰী গৰাকী তামুলপুৰলৈ সঘনাই আহিলে ৰাইজৰ লাভ হ’ব ।

মুখ্য মন্ত্ৰী তামুলপুৰলৈ আহি আঁচনি ঘোষণা কৰি গ’লে দুই নৱেম্বৰৰ পিছত সেই আঁচনি সমূহ মই বিধায়ক হোৱাৰ পিছত কাৰ্যকৰী কৰিব পাৰিম। মুখ্য মন্ত্ৰীৰ প্ৰচাৰ কাৰ্যই তেওঁৰ নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি ডেকাই মন্তব্য কৰি এইবাৰৰ উপ-নিৰ্বাচনত আশী হাজাৰতকৈ অধিক ভোট লাভ কৰি নিৰ্বাচনত বিজয় হব বুলিও দাবী কৰে জিএছপিৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ নাথ ডেকাই।

কংগ্ৰেছ দলক সমালোচনা কৰি ডেকাই কয় – তামুলপুৰৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দল কোনো ফেক্টৰ নহয়। বিগত পোন্ধৰ বছৰে কংগ্ৰেছে বিটিচিৰ ৰাইজক চিনি নাপালে । বিপিএফৰ লগত শাসন চলোৱাৰ সময়ত বিটিচিৰ ৰাইজক চিনি নোপোৱা কংগ্ৰেছৰ ভেটি আজি থৰক- বৰক হোৱাৰ বাবেহে এতিয়া সাৰ পাইছে আৰু বিটিচিবাসীক কংগ্ৰেছে চিনি পাইছে বুলি কংগ্ৰেছৰ বিৰুদ্ধে বিষোদ্গাৰ কৰে ব্ৰজেন্দ্ৰ নাথ ডেকাই।

ৰাইজে তেওঁক কিয় ভোট দিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰাৰ্থী গৰাকীয়ে কয় – বিটিচি চুক্তি হোৱাৰ পৰা বিগত সোঁতৰ বছৰে শাসনত থকা সকলে সম-উন্নয়ন, সম- বিকাশ আৰু সম-মৰ্য্যদাৰ শ্লোগান দি আহিছে যদিও সেয়া কাৰ্যত হৈ উঠা নাই।

সোঁতৰটা জনগোষ্ঠীৰ বাসস্থলী তামুলপুৰ এখন ক্ষূদ্ৰ অসম বুলি মন্তব্য কৰি ডেকাই পুনৰ কয় যে লাঞ্ছিত- শোষিত -বঞ্চিত এই জনগোষ্ঠী সমূহ আজি মোৰ কাষত থিয় দিছে। মই বিধায়ক হিচাপে নিৰ্বাচিত হলে সকলো জাতি জনগোষ্ঠীক সম-মৰ্য্যদা, সম-অধিকাৰ দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ ।

২০০২ চনৰ পৰা তামুলপুৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে সু-সম্পৰ্ক গঢ়ি সমন্বয়ৰ হকে কাম কৰা বুলি দাবী কৰি ব্ৰজেন্দ্ৰ নাথ ডেকাই ২০১৪ চনৰ পৰা শিক্ষা ক্ষেত্ৰৰ লগত জড়িত হৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা ভিন্ন জাতি- জনগোষ্ঠীৰ ছাত্ৰ- ছাত্ৰীক ব্যক্তিগত ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি তামুলপুৰত একতা আৰু সমন্বয় সৃষ্টি কৰি কাম কৰি অহা বুলি সদৰী কৰে।

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd