কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ??

ক্ৰমে উৰিষ্যা, বিহাৰ, ছত্ৰিশগড়, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত হৈছে উপনিৰ্বাচনৰ ভোট গণনা। উৰিষ্যা, বিহাৰ, ছত্ৰিশগড় আৰু ৰাজস্থানত প্ৰত্যকেখন ৰাজ্যত ১ খনকৈ আৰু উত্তৰ প্ৰদেশত দুখনকৈ আসনৰ বাবে অনুষ্ঠিত হৈছিল উপনিৰ্বাচন।

আজি দেশৰ দুই গুৰুত্বপূৰ্ণ ৰাজ্য হিমাচল প্ৰদেশ আৰু গুজৰাটত অনুষ্ঠিত হৈছে বিধান সভাৰ নিৰ্বাচনৰ ভোট গণনা। ইয়াৰ বাহিৰেও দেশৰ আন পাঁচখন ৰাজ্যত সম্পন্ন হ’ল উপনিৰ্বাচন। ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই পাঁচখন ৰাজ্যৰ ৬ টাকৈ সমষ্টিৰ ফলাফল।

ক্ৰমে উৰিষ্যা, বিহাৰ, ছত্ৰিশগড়, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত হৈছে উপনিৰ্বাচনৰ ভোট গণনা। উৰিষ্যা, বিহাৰ, ছত্ৰিশগড় আৰু ৰাজস্থানত প্ৰত্যকেখন ৰাজ্যত ১ খনকৈ আৰু উত্তৰ প্ৰদেশত দুখনকৈ আসনৰ বাবে অনুষ্ঠিত হৈছিল উপনিৰ্বাচন।

উৰিষ্যাত পৰমপুৰ সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত জয়ী হৈছে বিজ্জু জনতা পাৰ্টি।

বিহাৰৰ কুৰহানি সমষ্টিত জয় লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে।

ছত্ৰিশগড়ৰ ভানুপ্ৰতাপপুৰ সমষ্টিত কংগ্ৰেছ জয়ী হৈছে।

ৰাজস্থানৰ চৰ্দাৰসাগৰ সমষ্টি জয়ী হৈছে কংগ্ৰেছ।

আনহাতে উত্তৰপ্ৰদেশৰ খাটুলি সমষ্টিত জয় লাভ কৰিছে ৰাষ্ট্ৰীয় লোক দলৰ প্ৰাৰ্থীয়ে আৰু ৰামপুৰ সমষ্টিত জয় লাভ কৰিছে।

এতিয়া মাথোঁ অপেক্ষা হিমাচল প্ৰদেশ আৰু গুজৰাটৰ সম্পূৰ্ণ ফলাফল ওলোৱালৈ।