• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীতকালীন অধিৱেশন : কেব বাতিলৰ দাবীত বিধানসভা ত্যাগ কংগ্ৰেছৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2019 12:43 pm

2 min read

Congress Protest
953
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৬ ডিচেম্বৰলৈকে চলিব লগীয়া অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধী দল কংগ্ৰেছ আৰু এ আই য়ু ডি এফে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সদনৰ মজিয়া উত্তপ্ত কৰি তোলে।

কংগ্ৰেছ আৰু এ আই য়ু ডি এফে প্ৰশ্নোত্তৰ কাল বাতিল কৰি নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চিৰ ওপৰত আলোচনা কৰিবলৈ অধ্যক্ষক অনুৰোধ জনায়।

বিৰোধীৰ এই প্ৰস্তাৱ নাকচ কৰি অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰশ্নোত্তৰ কাল চলাই নিয়াক লৈ বিৰোধীয় সদনৰ মজিয়া উত্তাল কৰি তোলে।

বিৰোধী বিধায়ক সকলে হাতে হাতে প্লে’ কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ কাষলৈ আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কংগ্ৰেছৰ বিধায়কসকলে সদনৰ বাহিৰত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি বিজেপি চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়।

ইফালে শীতকালীন অধিৱেশনৰ আৰম্ভনি দিনাই বিগত উপ নিৰ্বাচনত জয়ী হোৱা চাৰিগৰাকী বিধায়ক ক্ৰমে সোণাৰি সমষ্টিৰ নৱনীতা সন্দিকৈ, ৰাতাবাৰীৰ বিজয় মালাকাৰ, জনিয়াৰ ৰফিকুল ইছলাম আৰু ৰঙাপাৰা সমষ্টিৰ ৰাজেন বৰঠাকুৰক শপত গ্ৰহণ কৰোৱা হয়। শপতবাক্য পাঠ কৰোৱায় অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে।

উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক, এন আৰ চি পুনৰ প্ৰস্তুত, মধ্যাহ্ন ভোজন, আৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰসংগত বিৰোধীয়ে সৰৱ ভুমিকা পালন কৰিব।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd