NORTHEAST NOW (Assamese)

শীতকালীন অধিৱেশন : কেব বাতিলৰ দাবীত বিধানসভা ত্যাগ কংগ্ৰেছৰ

November 28, 2019 12:43 pm · এন ই নাও নিউজ

আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৬ ডিচেম্বৰলৈকে চলিব লগীয়া অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধী দল কংগ্ৰেছ আৰু এ আই য়ু ডি এফে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সদনৰ মজিয়া উত্তপ্ত কৰি তোলে।

কংগ্ৰেছ আৰু এ আই য়ু ডি এফে প্ৰশ্নোত্তৰ কাল বাতিল কৰি নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চিৰ ওপৰত আলোচনা কৰিবলৈ অধ্যক্ষক অনুৰোধ জনায়।

বিৰোধীৰ এই প্ৰস্তাৱ নাকচ কৰি অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰশ্নোত্তৰ কাল চলাই নিয়াক লৈ বিৰোধীয় সদনৰ মজিয়া উত্তাল কৰি তোলে।

বিৰোধী বিধায়ক সকলে হাতে হাতে প্লে’ কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ কাষলৈ আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কংগ্ৰেছৰ বিধায়কসকলে সদনৰ বাহিৰত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি বিজেপি চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়।

ইফালে শীতকালীন অধিৱেশনৰ আৰম্ভনি দিনাই বিগত উপ নিৰ্বাচনত জয়ী হোৱা চাৰিগৰাকী বিধায়ক ক্ৰমে সোণাৰি সমষ্টিৰ নৱনীতা সন্দিকৈ, ৰাতাবাৰীৰ বিজয় মালাকাৰ, জনিয়াৰ ৰফিকুল ইছলাম আৰু ৰঙাপাৰা সমষ্টিৰ ৰাজেন বৰঠাকুৰক শপত গ্ৰহণ কৰোৱা হয়। শপতবাক্য পাঠ কৰোৱায় অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে।

উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক, এন আৰ চি পুনৰ প্ৰস্তুত, মধ্যাহ্ন ভোজন, আৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰসংগত বিৰোধীয়ে সৰৱ ভুমিকা পালন কৰিব।

Related News