• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুৰ নেতৃত্বত কৃষক মুক্তিকে ধৰি সকলো একগোট হওক

অসমৰ ৰাইজ, দল-সংগঠনক আহ্বান নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 23, 2019 10:33 pm
CAB: Let's all unite under AASU leadership, pleads Assam citizens' forum

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ, শনিবাৰে সংবাদমেলত। ছবি- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ কেব গ্ৰহণৰ বাবে সাজু হোৱাৰ মাজতে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই শনিবাৰে অসমৰ দল-সংগঠনক এই পদক্ষেপৰ বিৰুদ্ধে একগোট হোৱাৰ আহ্বান জনাইছে।

মঞ্চটোৰ অধ্যক্ষ হীৰেন গোহাঁইৰ লগতে মনজিৎ মহন্ত, হৰেকৃষ্ণ ডেকা, উদয়াদিত্য ভৰালী, হলিৰাম তেৰাঙে জনোৱা আহ্বান পাঠকলৈ আগবঢ়োৱা হৈছে।

Apply Now

এই বক্তব্যসমূহ অ-সম্পাদিত, গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰৰ সংবাদমেলৰ।

 

মনজিৎ মহন্ত:

আঞ্চলিকতাবাদ, জাতীয়তাবাদৰ নামত ৰাজনীতি কৰি কেৱল দুই-তিনিটা মন্ত্ৰিত্ব আৰু কেইজনমান অধ্যক্ষৰ লালসাত অসমীয়া জাতিক নিঃশেষ কৰা বিজেপিৰ ষড়যন্ত্ৰত হাত উজান দিছে অতুল, কেশৱ, ফণীহঁতৰ দৰে অগপৰ সুবিধাবাদী নেতাসকলে। সদৌ অসম ছাত্ৰ সন্থাই কেবৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব লওক আৰু কৃষক মুক্তিকে আদি কৰি অসমৰ প্ৰতিটো জাতীয় দল সংগঠন একত্ৰিত হওক। কাৰণ এয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সময়।

 

উদয়াদিত্য ভৰালী:

সৰ্বানন্দ সোণোৱালে বুজা আছিল। তেওঁ এদিন সদৌ অসম ছাত্ৰ সন্তা আৰু অসম গণ পৰিষদৰ মূল নেতা আছিল। অথচ এতিয়া অসমীয়াই টিভি টক শ্ব’ত গৈ গতা খাই থাকিবলগীয়া হৈছে। বাঙালী উগ্ৰ জাতীয়তাবাদে ব্ৰহ্মপুত্ৰ উপত্যকাত এনেকুৱা এক আসুৰিক তাণ্ডৱৰ সৃষ্টি কৰিব সেইটো আমাৰ নিচিনা মানুহৰ কাৰণে চিন্তা কৰিব নোৱাৰা কথা।

তেওঁলোকে বাঙালী মানুহৰ প্ৰেমত পৰি কেব আনিব খুজিছে নেকি? হিমন্ত বিশ্ব শৰ্মা বাঙালী মানুহ নেকি? কেবৰ প্ৰতি তেওঁৰ আগ্ৰহ থাকিবলৈ কি আছে? সৰ্বানন্দ বাঙালী মানুহ নেকি? অতুল বৰা বাঙালী মানুহ নেকি? ক্ষমতাই মানুহক কিমান নিকৃষ্ট পৰ্য্যায়লৈ নিব পাৰে, সেয়া ওলাই পৰিছে– পিতৃ-মাতৃ-সম্পত্তি বিক্ৰী কৰিবলৈ লাজ নকৰে– তাৰ উদাহৰণ সৰ্বানন্দ, হিমন্ত, অতুল, কেশৱহঁতৰ দৰে নেতাসকল।

 

হলিৰাম তেৰাং:

কালৰো কাল বিপৰীত কাল। এদিন বিদেশী খেদিবলৈ যোৱা মানুহবোৰে আজি বিদেশী আনিবলৈ গৈছে। অগপ-বিপিএফে বিজেপিৰে মিত্ৰতা ত্যাগ কৰক। অন্যথা অস্তিত্বৰ শেষ ৰণত সৰ্বানন্দ, হিমন্ত, অতুল,হাগ্ৰামক আমাৰ মানুহ বুলি গণ্য কৰা নহ’ব।

 

হীৰেন গোহাঁই:

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনে ভাৰতীয় সংবিধানৰ  নাগৰিকত্বৰ ধাৰণাটোৰ আমূল পৰিৱৰ্তন ঘটাব বিচাৰিছে। সংবিধানবিৰোধী বিধেয়কখনে এটা ধৰ্মক বিচাৰৰ বাহিৰত ৰখাই থ’ব বিচাৰিছে। যিহেতু ভাৰতীয় সংবিধানত ধৰ্মভিত্তিত নাগৰিকত্বৰ ধাৰণাৰ স্থান নাই, সেইবাবে সংবিধানবিৰোধী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিজন গণতন্ত্ৰত বিশ্বাসী জনসাধাৰণ ৰাজপথলৈ ওলাই আহিব লাগে।

ধৰ্মীয় নিৰ্য্যাতনৰ বলি হোৱাসকলৰ ভিতৰত মুছলমান মানুহো আছে। পাকিস্তানৰ চিয়াসকলৰ হাজাৰা নামৰ সম্প্ৰদায় এটা প্ৰায়েই কঠোৰ নিৰ্য্যাতনৰ সন্মুখীন হৈ আহিছে। কিন্তু তেওঁলোকে সেইটো বিচাৰ বিবেচনা নকৰি ইছলামধৰ্মীসকলক বাদ দিছে।

ধৰ্মীয় শৰণাৰ্থী হ’লেই নাগৰিকত্ব দিব আৰু অতি সোনকালেই দিব, এইটো কি ধৰণৰ কথা?

 

হৰেকৃষ্ণ ডেকা:

বিজেপিয়ে সংখ্যাৰ বলত কেব গৃহীত কৰিব সেয়া নিশ্চিত। কিন্তু সেই কেব কাৰ্য্যকৰী কৰিবলৈ নিদিওঁ, যুঁজ কৰি যাম। তাৰবাবে হয়তো যিকোনো পৰিস্থিতি সৃষ্টি হ’ব। কেব গৃহীত হ’লে অসম চুক্তিৰ ৫নং ধাৰা সকলো নস্যাৎ হ’ব। আনকি কোটি কোটি টকা খৰচ কৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰকাশ পোৱা এন আৰ চি অৰ্থহীন হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd