NORTHEAST NOW (Assamese)

মুক্তিযোদ্ধাৰ পেন্সন বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটৰ; ২০১৯’ বৰ্ষৰ বন্ধৰ তালিকাত অনুমোদন

December 17, 2018 10:34 pm · এন ই নাও নিউজ
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ফাইল ফটো

ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সোমবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্যৰ মুক্তিযোদ্ধাসকলৰ পেন্সন ২০,০০০ টকাৰ পৰা ২১,০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিব দিয়া মতে, কেবিনেটে ৰাজ্যখনত মাইক্ৰ এণ্ড স্মল এণ্টাৰপ্ৰাইজেছ ফেচিলেশ্যন কাউন্সিল গঠনৰ সিদ্ধান্তত অনুমোদন জনাইছে। উদ্যোগ বিভাগৰ আয়ুক্তগৰাকী এই কাউন্সিলৰ অধ্যক্ষ হ’ব।

তদুপৰি, কেবিনেটে ২০১৯’বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাখনতো অনুমোদন দিছে। অৱশ্যে, তালিকাখন এতিয়াও মুকলি কৰি দিয়া নাই।

আনহাতে, নগাঁও মৰাপাট কল পুনৰুজ্জীৱিত কৰাৰ বাবেও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে চৰকাৰে নেশ্যনেল কোঅপাৰেটিভ ডেভেলপমেন্ট কৰ্পোৰেশ্যনৰ পৰা ৩২.৭২ কোটি টকাৰ ঋণ ল’ব।

চৰকাৰে কৃষকৰ ঋণ ৰেহাইৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষকসকলে কৃষি ঋণত ২৫ শতাংশ ৰেহাই পাব। কেবিনেটে লগতে কৃষকৰ বাবে ৪ শতাংশ পৰ্যন্ত সুতৰ হাৰ ৰেহাই আঁচনিত অনুমোদন জনাইছে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি কৃষকৰ উদ্গণিমূলক আঁচনিতো অনুমোদন জনাইছে য’ত কৃষকসকলক কে চি চিৰ অধীনত ঋণ লোৱাৰ বাবে ১০,০০০ টকা পৰ্যন্ত ৰাজ সাহায্যৰ সুবিধা লাভ কৰিব।

Related News