• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ অসমত! সংখ্যালঘু ছাত্ৰক ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ বাধ্য কৰোৱা ৪জনক আটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2025 10:29 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ অসমত সংঘটিত হৈছে ধৰ্মীয় অসহিষ্ণুতাৰ এক ঘটনা। শিলচৰত সংখ্যালঘু ছাত্ৰ এজনক ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ বাধ্য কৰা বুলি অভিযোগ উত্থাপন হোৱা এক অপ্ৰীতিকৰ ঘটনাৰ সৈতে জড়িত চাৰিজনক আটক কৰা হৈছে। অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ এজনে বুধবাৰে স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত সংঘটিত হয় এই ঘটনা। সেই ঘটনাৰ পৰিপ্ৰেক্ষিততে এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি চাৰিজন যুৱকক আটক কৰিছে।

কাছাৰ জিলাৰ সদৰ শিলচৰৰ চন্দ্ৰপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। সংখ্যালঘু ছাত্ৰজন শিলচৰৰ মধ্যবন্দৰ অঞ্চলৰ বাসিন্দা আৰু নৰসিং স্কুলৰ ছাত্ৰ। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত চাৰিজন যুৱকে ঘেৰি ধৰে আৰু মাৰপিট কৰে। অভিযোগ অনুসৰি তেওঁলোকে দাবী কৰে যে ছাত্ৰজনে বিদ্যালয়ৰ দেৱালত ‘আপত্তিজনক’ কিবা এটা লিখিছিল, যাৰ বাবে তেওঁক শাস্তি দিয়া হয়। ইয়াৰ পিছতে ছাত্ৰজনক ৰাজপথত প্ৰহাৰ কৰি কাণত ধৰি জোৰকৈ ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ বাধ্য কৰে।

Apply Now

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে যুৱককেইজনে ঘটনাটো ৰেকৰ্ড কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰে, যিটো শীঘ্ৰে ভাইৰেল হৈ পৰে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সকলোৱে এই ঘটনাৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ লগতে ছাত্ৰজনৰ পৰিয়ালে চন্দ্ৰপুৰ থানাত এজাহাৰ দাখিল কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

তদন্তকাৰীয়ে জনোৱা মতে, আটক কৰা চাৰিজন যুৱকক দুপৰীয়া থানালৈ অনা হয় আৰু কিছু সময়ৰ পিছত মুকলি কৰি দিয়া হয়। অৱশ্যে ঘটনাৰ ভয়াৱহতা বিবেচনা কৰি আৰক্ষীয়ে বিষয়টোৰ ওপৰত এক সম্যক তদন্ত অব্যাহত ৰাখিছে।

ইফালে এই ঘটনাৰ পিছতে শিলচৰৰ স্থানীয় বাসিন্দাসকলে আৰু ছ’চিয়েল মিডিয়াত ব্যাপক ক্ষোভৰ প্ৰকাশ ঘটিছে। বহুতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এনে ঘটনাই ধৰ্মীয় বিভাজন আৰু সংঘাতৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত সমাজত অশান্তি আৰু হিংসা বৃদ্ধি পাব পাৰে। এনে হিংসা আৰু ধৰ্মীয় জোৰ-জবৰদস্তিৰ বাবে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

স্থানীয় ৰাজনৈতিক নেতা আৰু মানৱ অধিকাৰ সংগঠনসমূহেও এই ঘটনাক গৰিহণা দি আৰক্ষী প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এনেধৰণৰ ঘটনাই সমাজত অশান্তিৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াক ৰোধ কৰিবলৈ চৰকাৰ আৰু প্ৰশাসন অধিক সতৰ্ক হোৱাৰ আহ্বান জনাইছে। বহুতে কৈছে যে এনে ঘটনা এপিনে যেনেদৰে সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত আক্ৰমণ, তেনেদৰে দেশৰ ধৰ্মীয় অখণ্ডতাৰ প্ৰতিও এক বৃহৎ প্ৰত্যাহ্বান।

বৃহস্পতিবাৰে শিলচৰ আৰক্ষী প্ৰশাসনে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘এই ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে। আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে চোৱা-চিতা কৰিছে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

এই পৰ্যন্ত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত চাৰিজন যুৱকক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, যিহেতু এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে, সেয়েহে ই তদন্তত সহায় কৰিব বুলি আশা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd