NORTHEAST NOW (Assamese)

১৩ ফেব্ৰুৱাৰিত ১০ ঘণ্টীয়া কাৰ্বি আংলং বন্ধৰ আহ্বান

February 12, 2021 3:46 pm · এন ই নাও নিউজ

একত্ৰিকৰণ আহ্বায়ক কমিটি(চি চি য়ু)য়ে ১৩ ফেব্ৰুৱাৰিত ১০ ঘণ্টীয়া কাৰ্বি আংলং বন্ধৰ আহ্বান জনায়।

মূলত পাহাৰীয়া অঞ্চল বিকাশ (এইচ এ ডি) বিভাগ আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ক একেলগ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰোধিতাৰে একত্ৰিকৰণ আহ্বায়ক কমিটিয়ে ১০ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ ঘোষণা কৰে।

ডিফুৰ জিলা প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেল সম্বোধন কৰি চি চি য়ুৰ নেতা চাইচিং ৰংপি, খৰচিং টেৰণ আৰু বৰীন্দ্ৰ ৰংপিয়ে ১৩ ফেব্ৰুৱাৰিত ৰাতিপুৱা ৫ বজাৰ পৰা আবেলি ৩ বজালৈ বন্ধ কাৰ্য্যকৰী হ’ব বুলি উল্লেখ কৰে।

‘‘পাহাৰীয়া জনসাধাৰণৰ জিলা আৰু স্থানৰ পৰিবৰ্তন কৰাৰ বাবে একধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে আৰু আমি ষড়যন্ত্ৰৰ বিৰোধিতা কৰি যাম,’’ সংবাদমেলত খাৰচিং টেৰণে এইদৰে কয়।

‘‘অসমত দুইধৰণৰ জনজাতি আছে-পাহাৰীয়া জনজাতি আৰু সমতলীয় জনজাতি। সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ভাষিক ক্ষেত্ৰত দুয়োধৰণৰ জনজাতিৰ মাজত বহু পাৰ্থক্য আছে,’’ টেৰণে লগতে কয়।

চি চি য়ুত বৰ্তমানলৈ কোনো সাধাৰণ সম্পাদক আৰু সভাপতি নায়।

বৃহস্পতিবাৰে স্বায়ত্তশাসিত ৰাজ্য দাবী কমিটিয়েও ৰাজ্য চৰকাৰৰ  এই এ ডি আৰু বি টি আৰক সংযুক্ত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰোধিতা কৰে আৰু ইয়াক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বিৰোধী বুলি কয়।

Related News