• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খালিস্তানী উগ্ৰপন্থী হত্যাৰ লগত জড়িত থকাৰ অভিযোগত কানাডাৰ পৰা বহিষ্কাৰ ভাৰতীয় কূটনীতিবিদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2023 10:04 am
কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জলী। ফটো: সংগ্ৰহীত।

কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জলী। ফটো: সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা জুন মাহত কানাডাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ মৃত্যু হৈছিল। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই ঘটনাত এজন ভাৰতীয় কূটনীতিবিদ জড়িত বুলি দাবী কৰে। আৰু তাৰ পিছতেই কানাডা চৰকাৰে এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিলে। আশংকা কৰা হৈছে যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটিব পাৰে।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে শেহতীয়াকৈ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰত ভ্ৰমণ কৰাৰ সময়ত খালিস্তান বিষয়ত মোডীৰ কথা শুনিবলগীয়া হৈছিল। ইফালে ঘৰুৱা ৰাজনৈতিক সমীকৰণৰ কথা মনত ৰাখি জাষ্টিন ট্ৰুডোৱে পূৰ্বৰ স্থিতিত অটল হৈ আছিল।

ইয়াৰ মাজতে জাষ্টিন ট্ৰুডোৱে দাবী কৰিছিল যে খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ সৈতে ভাৰত চৰকাৰৰ এজেণ্টৰ সম্পৰ্ক আছে। তাক লৈ ভাৰত চৰকাৰৰ আগত উদ্বেগ প্ৰকাশ কৰে কানাডা চৰকাৰে।

Apply Now

কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জলীয়ে ঘোষণা কৰিছে যে কানাডা চৰকাৰে হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ লগত জড়িত এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছে। অৱশ্যে তেওঁ কূটনীতিবিদজনৰ নাম প্ৰকাশ কৰা নাই। তেওঁ কয়, ‘কানাডাৰ এজন নাগৰিকৰ হত্যাকাণ্ডৰ লগত বিদেশী চৰকাৰ জড়িত বুলি উত্থাপন কৰা অভিযোগ অতি গুৰুতৰ। আৰু সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গতিকে আজি আমি এজন জ্যেষ্ঠ ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছো।’

উল্লেখ্য যে জুন মাহত গুৰদ্বাৰাৰ ভিতৰতে খালিস্তান সমৰ্থক উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল। হৰদীপক ২০ বাৰতকৈও অধিক গুলীচালনা কৰা হৈছিল। খবৰ অনুসৰি হৰদীপে কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ পাঞ্জাবী প্ৰধান ছাৰে অঞ্চলত বাস কৰিছিল। বিগত কেইবছৰমানৰ পৰা কানাডাৰ ভেংকুৱাৰত ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত খালিস্তানী প্ৰতিবাদৰ আঁৰত আছিল এই হৰদীপ।

কানাডাত মৃত হৰদীপৰ বিৰুদ্ধে এনআইএৰ চাৰিটা গোচৰ আছিল। খালিস্তানী যোগৰ লগতে হিন্দু পুৰোহিতক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ। বিগত বৰ্ষৰ জুলাই মাহত এন আই এয়ে হৰদীপৰ মূৰৰ বাবে ১০ লাখ টকা মূল্য নিৰ্ধাৰণ কৰিছিল। জনা যায় যে হৰদীপ খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী আছিল। গুৰপতৱন্ত সিং পান্নুনৰ ‘শিখছ ফৰ জাষ্টিচ’ সংগঠনৰ মত প্ৰচাৰৰ দায়িত্ব আছিল হৰদীপৰ টাইগাৰ ফৰ্চৰ ওপৰত।

মন কৰিব যে ভাৰতত ইতিমধ্যে ‘শিখছ ফৰ জাষ্টিছ’ নিষিদ্ধ। কানাডাত সেই সংগঠনৰ প্ৰতিনিধি হিচাপে হৰদীপক নিযুক্তি দিয়া হৈছিল। কানাডাৰ শিখসকলৰ মাজত খালিস্তান বিভাজনৰ প্ৰস্তাৱ গৃহীত কৰাৰ দায়িত্ব আছিল হৰদীপৰ। ইফালে, যিটো গুৰদ্বাৰাত হৰদীপক হত্যা কৰা হৈছিল, সেইটোৱেই শেহতীয়াকৈ খালিস্তানপন্থী প্ৰস্তাৱ গৃহীত কৰিছে। এই প্ৰস্তাৱ গৃহীত হোৱাৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো ভাৰতত আছিল।

বাতৰি অনুসৰি, ছাৰেৰ গুগু নানক শিখ মন্দিৰটো হৰদীপে এক প্ৰকাৰ দখল কৰিছিল। তেওঁ গুৰদ্বাৰাৰ সভাপতি আছিল। যোৱা দুবছৰ ধৰি তেওঁ এই কৰ্তব্য পালন কৰি আহিছে। এই হৰদীপে কানাডাৰ ভেংকুৱাৰত ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত খালিস্তানী প্ৰতিবাদৰ আয়োজন কৰিছিল।

ইপিনে, কানাডাস্থিত খালিস্তানী নেতা মনিন্দৰ বয়েলৰ সৈতেও হৰদীপৰ ঘনিষ্ঠতা আছিল। এই মনিন্দৰ পুনৰ শ্ৰী দমশমেশ দৰবাৰৰ সভাপতি আছিল। মনিন্দৰ আৰু হৰদীপৰ গুৰদ্বাৰাৰ বিৰুদ্ধে বিচ্ছিন্নতাবাদী খালিস্তানী আৱেগ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু কানাডা চৰকাৰে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd