• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘কানাডাই আমাক চেপি ধৰিছে’- দুগ্ধজাত সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক ২৫০ শতাংশ শুল্ক আৰোপৰ হুংকাৰ ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2025 5:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডাৰ পৰা আমদানি কৰা দুগ্ধজাত সামগ্ৰীৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইতিমধ্যে কানাডাই আমেৰিকাৰ পৰা আমদানি কৰা দুগ্ধজাত সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছে, যিটো ২৫০ শতাংশৰ ওচৰত। কানাডাই যদি শুল্ক হ্ৰাস নকৰে তেন্তে আমেৰিকাই সমান শুল্ক আৰোপ কৰিব বুলি সকীয়াই দিছে ট্ৰাম্পে। শুকুৰবাৰে (পূব সময়) অ’ভেল অফিচৰ পৰা ট্ৰাম্পে কয় যে এতিয়াও এই শুল্ক আৰোপ কৰিব পৰা যাব। সোমবাৰ বা মঙলবাৰলৈকে অপেক্ষা কৰাটোও সম্ভৱ হ’ব পাৰে। ট্ৰাম্পে অভিযোগ কৰে যে কানাডাই দুগ্ধজাত সামগ্ৰীৰ ওপৰত আৰু লগতে কাঠ আমদানিৰ ওপৰতো উচ্চ শুল্ক আৰোপ কৰে। সেই ক্ষেত্ৰত তেওঁ কানাডাৰ দৰে একে স্তৰৰ কাঠৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে।

আমেৰিকাত দ্বিতীয়বাৰৰ বাবে ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছত তেওঁৰ শুল্ক নীতিক লৈ আলোচনা আৰম্ভ হৈছে। তেওঁ কানাডা, মেক্সিকো, চীনৰ বিভিন্ন সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। যদিও আমেৰিকাই বৰ্তমান কানাডা আৰু মেক্সিকান সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা নাই। দুয়োখন দেশৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত ২ এপ্ৰিললৈ পিছুৱাই দিছে ট্ৰাম্পে। এই সিদ্ধান্তৰ ২৪ ঘণ্টা নৌহওঁতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কানাডাক শুল্ক সন্দৰ্ভত নতুন সতৰ্কবাণী জাৰি কৰে। তেওঁ কয় যে, ‘কানাডাই বছৰ বছৰ ধৰি কাঠ আৰু দুগ্ধজাত সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰি আমাক চেপি ধৰিছে। যদিহে কানাডাই এইবাৰ শুল্ক হ্ৰাস নকৰে তেন্তে তেওঁলোকৰ ওপৰত একে পৰিমাণৰ শুল্ক আৰোপ কৰা হ’ব।’

Apply Now

দৰাচলতে কানাডাত দশক দশক ধৰি চলি অহা ঘৰুৱা নীতিয়ে দেশখনৰ দুগ্ধজাত সামগ্ৰীৰ আমদানিৰ ওপৰত প্ৰভাৱ পেলাইছে। সেইবাবেই কানাডাই আমদানিকৃত দুগ্ধজাত সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক লয়। কানাডাৰ এই নীতি হৈছে কানাডাৰ দুগ্ধ ব্যৱসায়ীসকলক যাতে বহিঃৰাজ্যৰ পৰা আমদানি কৰা সামগ্ৰীৰ দ্বাৰা কোনো ক্ষতি নহয়। ২০২০ চনত ট্ৰাম্পৰ অধীনত স্বাক্ষৰিত আমেৰিকা-মেক্সিকো-কানাডা ত্ৰিপাক্ষিক বাণিজ্য চুক্তি (USMCA) অনুসৰি আমেৰিকাই কানাডালৈ নিৰ্দিষ্ট পৰিমাণৰ দুগ্ধজাত সামগ্ৰী শুল্কমুক্তভাৱে ৰপ্তানি কৰিব পাৰে। কিন্তু তাতকৈ বেছি ৰপ্তানি কৰিব বিচাৰিলে উচ্চ শুল্ক দিব লাগিব। ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি কিছুমান ক্ষেত্ৰত উচ্চ শুল্ক ২০০ শতাংশ অতিক্ৰম কৰিছে।

এই নিৰ্দিষ্ট কোটাৰ ওপৰত ৱাশ্বিংটনে দীৰ্ঘদিন ধৰি আপত্তি কৰি আহিছে। এইবাৰ ট্ৰাম্পে কানাডাক শুল্ক হ্ৰাস কৰাৰ এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। তেওঁৰ দাবী যে কানাডাই ২৫০ শতাংশ শুল্ক লয়। যদি নহয় তেন্তে আমেৰিকাই সমানে শুল্ক আৰোপ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd