কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু তেওঁৰ পত্নী ছফী গ্ৰেগ’ৰ ট্ৰুডোৱে বুধবাৰে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে । উল্লেখ্য যে ১৮ বছৰ পূৰ্বে জাষ্টিন ট্ৰুডো আৰু তেওঁৰ পত্নী ছফী গ্ৰেগ’ৰ ট্ৰুডোৱে বিবাহপাশত আৱদ্ধ হৈছিল।
জাষ্টিন আৰু ছফীয়ে দুয়োজনে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত গৈ তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সন্দৰ্ভত এক চমু বিবৃতি প্ৰকাশ কৰে।
বিবৃতিটোত কোৱা হৈছে, ‘বহুত অৰ্থপূৰ্ণ আৰু কঠিন কথা-বতৰাৰ অন্তত আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো।
উল্লেখ্য যে এই দুই জনপ্ৰিয় দম্পতীয়ে কি কাৰণত বিবাহ বিচ্ছেদ কৰিছে সেই সম্পৰ্কে বিবৃতিটোত উল্লেখ নাই।
তেওঁলোকৰ বিবাহ বিচ্ছেদৰ ঘোষণা এতিয়া কানাডাৰ জনগণৰ মাজত বহুলভাবে চৰ্চিত হৈছে।





