কানাডাৰ এটা ৰাজনৈতিক দলে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰিবলৈ লোৱা কৃষি আইন তিনিখনক সমালোচনা কৰিছে।
‘দ্যা কানাডিয়ান নিউ ডেমক্ৰেটিক পাৰ্টি’, চমুকৈ এনডিপিৰ নেতা জগমীত সিঙে ভাৰতৰ কৃষকসকলৰ প্ৰতি দলৰ হৈ সহমৰ্মিতা প্ৰকাশ কৰিছে।
দলটোৱে কানাডাক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সবলৰূপত উপস্থাপন কৰিবলৈ নিজস্ব বৈদেশিক নীতি গ্ৰহণ কৰিছে।
ভাৰতৰ কৃষি আইন সম্পৰ্কত দলটোৱে জনাইছে যে তেওঁলোকে কানাডাৰ ফেডাৰেল চৰকাৰখনক ভাৰতৰ কৃষকসকলৰ পক্ষত থিয় দি ভাৰত চৰকাৰৰ মানৱ অধিকাৰ উলংঘন সম্পৰ্কত মাত মাতিবলৈ অনুৰোধ জনাইছে।
তদুপৰি কৃষকসকলৰ প্ৰতিবাদক সুৰক্ষিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা লোৱাৰো দলটোৱে পোষকতা কৰিছে।
উল্লেখযোগ্য এনডিপিৰ ভাৰতীয় মূলৰ নেতা জগমীত সিং শেহতীয়াকৈ কানাডাৰ ৰাজনীতিত এক চৰ্চিত নাম হিচাপে বিবেচিত হৈছে।