NORTHEAST NOW (Assamese)

জঘন্য যুদ্ধ অপৰাধৰ বাবে দায়ী পুটিন: মন্তব্য কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ

May 9, 2022 3:49 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 9, 2022 3:54 pm
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেন্সকিৰ সৈতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কয় যে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ ফলত সংঘটিত “জঘন্য যুদ্ধ অপৰাধ”ৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেই দায়ী। দেওবাৰে এক অঘোষিত ইউক্ৰেইন ভ্ৰমণৰ সময়ত তেওঁ এই মন্তব্য কৰে।

কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইন ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতেও এখন বৈঠকও মিলিত হয়।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে এখন সংবাদ সন্মিলনত বক্তব্য ৰাখি কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে কয়, “এইটো স্পষ্ট যে ভ্লাদিমিৰ পুটিন এই জঘন্য যুদ্ধ অপৰাধৰ বাবে দায়ী। ইয়াৰ বাবে তেওঁ দায়বদ্ধ থাকিব লাগিব।”

ইউক্ৰেইন ভ্ৰমণৰ সময়ত জাষ্টিন ট্ৰুডো।

ইয়াৰ আগতে, ট্ৰুডোৱে ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ ওচৰত থকা ইৰপিন ভ্ৰমণ কৰে।

আন্তৰ্জাতিক সংবাদ সংস্থাৰ আন এক বাতৰিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৰাজধানী কীয়েভত এখন সংবাদ সন্মিলনত ইউক্ৰেইনলৈ অধিক অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সাহায্য ঘোষণা কৰিছে।

লগতে পঢ়ক: পাকিস্তানৰ ভূমিত আমেৰিকাৰ সামৰিক ঘাটি নিৰ্মাণ কৰিবলৈ নিদিয়াৰ বাবেই ষড়যন্ত্ৰ; দাবী ইমৰান খানৰ

তাত তেওঁ কয়, “আজি মই ইউক্ৰেইনৰ বাবে অধিক সামৰিক সাহায্য ঘোষণা কৰিছো। ইয়াৰ ভিতৰত আছে ড্ৰোণ কেমেৰা, উপগ্ৰহীয় ছবি, ক্ষুদ্ৰ অস্ত্ৰ, বোমা বাৰুদৰ লগতে অন্যান্য সাহায্যও আছে।

Related News