ভাৰতত কম বয়সীয়া লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগৰ সম্ভাৱনা

ভাৰতত মধ্যবয়সীয়া লোকসকলৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগৰ ঘটনা। শেহতীয়াকৈ কৰা এক জৰীপত পোহৰলৈ আহিছে এই তথ্য। প্ৰতিবেদনঅনুসৰি, ভাৰতত কমেও ২০ শতাংশ কৰ্কট ৰোগী হৈছে ৪০ বছৰ বা তাতকৈ কম বয়সৰ।

দিল্লীস্থিত অলাভজনক কৰ্কট মুক্ত ভাৰত ফাউণ্ডেচনৰ জৰীপ প্ৰতিবেদন অনুসৰি, ৪০ বছৰ বা তাতকৈ কম বয়সৰ ৬০ শতাংশ কৰ্কট ৰোগী পুৰুষ আৰু ৪০ শতাংশ হৈছে মহিলা।

তথ্য অনুসৰি মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগীৰ হাৰ ২৬ শতাংশ। গেষ্ট্ৰোইনটেষ্টিনেল কৰ্কটৰোগৰ (অন্ত্ৰ, পাকস্থলী আৰু যকৃত) ঘটনাৰ হাৰ হৈছে ১৬ শতাংশ। স্তন কৰ্কটৰোগৰ হাৰ ১৫ শতাংশ আৰু ৰক্ত কৰ্কটৰোগৰ হাৰ ৯ শতাংশ।
কৰ্কট মুক্ত ভাৰত ফাউণ্ডেশ্যনত অধ্যয়নটোৰ নেতৃত্ব দিয়া জ্যেষ্ঠ অংকলজিষ্ট ডাঃ আশীষ গুপ্তাই কয় যে কৰ্কট ৰোগবৃদ্ধিৰ মুখ্য কাৰণ হৈছে ভাৰতীয় যুৱক-যুৱতীসকলৰ নিম্ন মানদণ্ডৰ জীৱন।

এক বিবৃতিত তেওঁ কয়, “আমাৰ দেশৰ যুৱপ্ৰজন্মৰ খাদ্যাভ্যাস ভাল নহয়। বিশেষকৈ অতি-সংসাধিত খাদ্যাভ্যাস, দীৰ্ঘদিন ধৰি এক প্ৰকাৰে বহি থকাৰ অভ্যাসৰ বাবে কৰ্কট ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। আমাৰ জীৱনশৈলী সলনি কৰিব লাগিব আৰু ধপাত আৰু ড্ৰাগছৰ পৰা সম্পূৰ্ণৰূপে আঁতৰত থাকিব লাগিব। তেতিয়াহে কৰ্কট ৰোগৰ ঘটনা হ্ৰাস কৰিব পৰা যাব।”

অধ্যয়নটোত এইটোও কোৱা হৈছে যে ভাৰতত ধৰা পৰা ২৭ শতাংশ কৰ্কট ৰোগ ১ম বা ২য় পৰ্যায়ত ধৰা পৰে। ৩য় বা ৪ৰ্থ পৰ্যায়ত ৬৬ % কৰ্কট ৰোগ ধৰা পৰে। অধ্যয়ন অনুসৰি, দুই-তৃতীয়াংশ কৰ্কট ৰোগ অতি পলমকৈ ধৰা পৰে। ডাঃ আশীষ গুপ্তাই কয় যে সঠিক পৰীক্ষা পদ্ধতিৰ অভাৱৰ বাবে, ৰোগটো নিৰ্ণয় কৰাত যথেষ্ট পলম হয়।

এই অধ্যয়নটো সমগ্ৰ দেশতে এই বছৰৰ ১ ৰ পৰা ১৫ মাৰ্চৰ ভিতৰত ১৩৬৮ জন কৰ্কট ৰোগীৰ ওপৰত কৰা হৈছিল। সকলো ৰোগীয়ে সহায়ৰ বাবে ‘কৰ্কট মুক্ত ভাৰত ফাউণ্ডেচন’ৰ হেল্পলাইনত ফোন কৰিছিল। এই জৰীপটো তেওঁলোকৰ মাজৰ পৰা তথ্য সংগ্ৰহ কৰি কৰা হৈছে।