আন্তঃগাঁথনি উন্নয়নমূলক কামৰ বাবে কেইখনমান ৰে’লৰ সেৱা বাতিল আৰু পথ পৰিৱৰ্তন কৰা হৈছে

উত্তৰ পূব ৰে’লৱেৰ গোৰখপুৰ কেণ্টয়াৰ্ড পুনৰ নিৰ্মাণৰ বাবে আৰু গোৰখপুৰ কেণ্ট আৰু কুচমহী ষ্টেচনৰ মাজত তৃতীয় লাইনৰ কমিছনিঙৰ বাবে নন-ইণ্টাৰ লকিং কামৰ পৰিপ্ৰেক্ষিতত সেই খণ্ডৰ মাজেৰে যোৱা উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইখনমান ৰে’ল তলত উল্লেখ কৰা অনুসৰি বাতিলকৰণ বা পথ পৰিৱৰ্তন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে।

ৰে’ল সেৱাৰ বাতিলকৰণ:

১। ০৭ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১৫৬২১ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ আৰু ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬২২ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) এক্সপ্ৰেছ ৰে’লখন বাতিল কৰা হৈছে।

২। ০৭ আৰু ১১ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১৫৭০৫ (কাটিহাৰ- দিল্লী) এক্সপ্ৰেছ আৰু ০৮ আৰু ১২ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১৫৭০৬ (দিল্লী- কাটিহাৰ) এক্সপ্ৰেছ ৰে’লখন বাতিল কৰা হৈছে।

৩। ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬৫৪ (জম্মু তৱী – গুৱাহাটী) এক্সপ্ৰেছ আৰু ৰে’ল নং০৪৬৫৩ (নিউ জলপাইগুড়ী-অমৃতসৰ জংচন) বিশেষ ৰে’লখন বাতিল কৰা হৈছে।

৪। ০৯ আৰু ১০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৫৭০৭ (কাটিহাৰ- অমৃতসৰ) এক্সপ্ৰেছ আৰু ৰে’ল নং ১৫৭০৮ (অমৃতসৰ – কাটিহাৰ) এক্সপ্ৰেছ ৰে’লখন বাতিল কৰা হৈছে।

৫। ০৯ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ০৫৭৩৪ (কাটিহাৰ-অমৃতসৰ জংচন) বিশেষ আৰু ১১ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.০৫৭৩৩ (অমৃতসৰ জংচন- কাটিহাৰ) বিশেষ ৰে’লখন বাতিল কৰা হৈছে।

৬। ১০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১৫৬৫৫ (কামাখ্যা – শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা) এক্সপ্ৰেছ আৰু ৰে’ল নং ০৫৬১৬ (গুৱাহাটী- উদয়পুৰ চিটি) বিশেষ ৰে’লখন বাতিল কৰা হৈছে।

৭। ১১ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫০৭৮ (গোমতী নগৰ – কামাখ্যা) এক্সপ্ৰেছ; ১২ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫০৭৭ (কামাখ্যা – গোমতী নগৰ) এক্সপ্ৰেছ আৰু ১৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ০৫৬১৫ (উদয়পুৰ চিটি – গুৱাহাটী) ৰে’লখন বাতিল কৰা হৈছে।

ৰে’ল সেৱাৰ পথ পৰিৱৰ্তন:

১। ০৬ পৰা ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখলৈকে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৭০৭ (কাটিহাৰ জংচন – অমৃতসৰ জংচন) এক্সপ্ৰেছ ৰে’লখন ছাপ্ৰা জংচন, গাজীপুৰ চিটি, বাৰাণসী জংচন, বেনাৰস, প্ৰয়াগৰাজ জংচন আৰু কানপুৰ চেন্ট্ৰেল হৈ পথ পৰিৱৰ্তন কৰি চলিব।

২। ০৬ পৰা ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখলৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৭০৮ (অমৃতসৰ জংচন – কাটিহাৰ জংচন) এক্সপ্ৰেছ ৰে’লখন কানপুৰ চেন্ট্ৰেল, প্ৰয়াগৰাজ জংচন, বেনাৰস, বাৰাণসী জংচন, গাজীপুৰ চিটি আৰু ছাপ্ৰা জংচন হৈ পথ পৰিৱৰ্তন কৰি চলিব।