৫২৭ প্ৰকাৰৰ ভাৰতীয় খাদ্যত কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ? ইউৰোপীয় সংঘই কৰিছে নিষেধাজ্ঞাৰ পৰিকল্পনা

প্ৰতিদিনে অজানিতে আমাৰ শৰীৰত বহু বিষাক্ত সামগ্ৰী প্ৰৱেশ কৰে।উশাহ আৰু বিভিন্ন খাদ্যৰ যোগেদি এইসমূহ সামগ্ৰী আমাৰ শৰীৰত প্ৰৱেশ কৰে। সিজোৱা হওক বা কেঁচা খাদ্য হওক, মছলা হওক বা দুগ্ধজাত সামগ্ৰী হওক,বৰ্তমান খাদ্যসমূহত বহু ভেজাল উপাদান বিয়পি পৰিছে।শেহতীয়াকৈ ইউৰোপীয় সংঘই জাননী জাৰি কৰি কয় যে ভাৰতত নিৰ্মিত ৫২৭ প্ৰকাৰৰ খাদ্য বা খাদ্য সামগ্ৰীত কৰ্কট ৰোগ হ’ব পৰা ৰাসায়নিক পদাৰ্থ পোৱা গৈছে।

ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ কমেও ৫২৭ টা খাদ্য সামগ্ৰীত মানৱ শৰীৰৰ গুৰুতৰ ক্ষতি কৰিব পৰা কেইবাটাও ক্ষতিকাৰক পদাৰ্থ পোৱা গৈছে। এভাৰেষ্টৰ দৰে মছলাত বিষাক্ত ইথিলিন অক্সাইড পোৱাৰ পাছৰে পৰা এমডিএইচক এই ঘটনাই জোকাৰি গৈছে। আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ থকা যিকোনো খাদ্য বা মছলাৰ সন্ধান আৰম্ভ হয়। ইউৰোপীয় সংঘৰ খাদ্য আৰু খাদ্যৰ বাবে ৰেপিড এলাৰ্ট চিষ্টেমৰ প্ৰতিবেদন অনুসৰি বিগত চাৰি বছৰত ভাৰতৰ পৰা ৰপ্তানি কৰা ৫২৭ প্ৰকাৰৰ খাদ্য সামগ্ৰী, মছলা, দুগ্ধজাত সামগ্ৰীত ইথিলিন অক্সাইড নামৰ জৈৱিক ৰাসায়নিক পদাৰ্থ পোৱা গৈছে, যিটো হৈছে দৰাচলতে কাৰ্চিনোজেনিক।

কৃষিত ইথিলিন অক্সাইড কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। খাদ্যত ইয়াৰ ব্যৱহাৰ বহু দেশত নিষিদ্ধ। ছিংগাপুৰৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই প্ৰথমে ভাৰতৰ পৰা আমদানি কৰা মছলাত এই কীটনাশকৰ উপস্থিতি নিশ্চিত কৰিছিল। তেতিয়াই ছিংগাপুৰত কিছুমান ভাৰতীয় ব্ৰেণ্ডৰ মছলা নিষিদ্ধ কৰা হৈছিল। তাৰ পাছত হংকঙতো একে অভিযোগ উত্থাপন হ’ল। এই খবৰ পোহৰলৈ অহাৰ পাছত ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা বিভাগে ভাৰতীয় খাদ্য সামগ্ৰীৰ ওপৰত পৰীক্ষা চলাইছিল। ইয়াৰ পাছত এই প্ৰতিবেদন দাখিল কৰা হয়।

কোনো খাদ্যত ইথিলিন অক্সাইড ধৰা পৰিছে নেকি?
তালিকাভুক্ত হোৱা পদাৰ্থসমূহ প্ৰধানকৈ পেকেট বাদাম, তিল, বনৌষধি, মছলা, ডায়েট ফুড আৰু অন্যান্য খাদ্য সামগ্ৰীত পোৱা যায়। ব্লেকলিষ্ট কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছিল ৩১৩ প্ৰকাৰৰ বাদাম আৰু তিল, ৬০ প্ৰকাৰৰ বনৌষধি আৰু মছলা, ৪৮ প্ৰকাৰৰ ডায়েট খাদ্য আৰু ৩৪ প্ৰকাৰৰ অন্যান্য খাদ্য সামগ্ৰী। ইথিলিন অক্সাইড জলকীয়াৰ দৰে সাধাৰণ মছলা বা অশ্বগন্ধাৰ দৰে বনৌষধিতো পোৱা যায়। ১৯৯১ চনত ইউৰোপীয় সংঘই ইথিলিন অক্সাইডক ‘জিন’টক্সিক কাৰ্চিনোজেন’ হিচাপে নিষিদ্ধ কৰাৰ পাছত ইমানবোৰ খাদ্যত এই ৰাসায়নিক পদাৰ্থ কিয় পোৱা গৈছিল তাৰ অনুসন্ধান আৰম্ভ হৈছে।

খাদ্য সংৰক্ষণৰ বাবে সংৰক্ষক হিচাপে ইথিলিন অক্সাইডৰ ব্যৱহাৰ এই দেশত দীৰ্ঘদিন ধৰি চলি আহিছে। বিশেষজ্ঞসকলে কয় যে ইথিলিন অক্সাইড এন্টিমাইক্ৰ’বিয়াল, গতিকে এই দেশত খাদ্য সংৰক্ষণত ইয়াক ব্যৱহাৰ কৰা হয়। কিন্তু এই যৌগটোৰ ব্যৱহাৰ ইউৰোপত বহুদিনৰ পৰা নিষিদ্ধ হৈ আছে।