• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী আৰ্টিষ্টছ গীল্ডত ‘কেণ্ডিড ক্লিকছ’ৰ আলোকচিত্ৰৰ ’নিঃশব্দ জাগৰণ’

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
July 28, 2019 3:07 pm
67495203_2280640355360991_7853942119914799104_n

প্ৰদৰ্শনীত চকু ফুৰাইছে বিশিষ্ট অতিথিসকলে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী আৰ্টিষ্টছ গীল্ডত ৰাজ্যখনৰ একাংশ আলোকচিত্ৰৰ উৎসাহী পৰ্যটকৰ এখনি চিত্তাকৰ্ষক প্ৰদৰ্শনী শনিবাৰে আৰম্ভ হৈছে। ‘কেণ্ডিড ক্লিকছ’ নামৰ ছচিয়েল মিডিয়াত সুপৰিচিত গ্ৰুপটোৱে আয়োজন কৰা তেওঁলোকৰ পঞ্চম বাৰ্ষিকী প্ৰদৰ্শনীখন বিয়লি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক চাৰুকমল হাজৰিকাই। অহা ১ আগষ্টলৈকে প্ৰদৰ্শনীখন চলিব।

আলোকচিত্ৰ প্ৰদৰ্শনীখনৰ প্ৰাৰম্ভতে অনুষ্ঠিত হোৱা উদ্বোধনী সভাখনত সভাপতিত্ব কৰে কেণ্ডিড ক্লিকছৰ এগৰাকী বৰ্ষীয়ান আলোকচিত্ৰ শিল্পী সঞ্জীৱ কুমাৰ গোঁহাই বৰুৱাই। সভাত সন্মানিত অতিথি হিচাপে উপস্থিত থাকে ‘দৈনিক অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক মুনীন বায়ন।

Apply Now

সভাত উদ্বোধক হাজৰিকাই আলোকচিত্ৰ সন্দৰ্ভত তেওঁৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ এক সৰস কাহিনী উল্লেখ কৰি কয় যে হাতত উপলব্ধ কাৰিকৰী আহিলাকে সমল কৰি আগবাঢ়িলেও সফলতা লাভ কৰিব। ইয়াৰ বাবে ‘আহিলাৰ অভাৱ’ কোনো বাধা হ’ব নোৱাৰে।

সন্মানীয় অতিথি বায়নে আলোকচিত্ৰৰ জৰিয়তে এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰা কেণ্ডিড ক্লিকছৰ ভূমিকাৰ কথা উল্লেখ কৰি ইয়াৰ এতিয়ালৈকে ৫,০০০ সদস্য হোৱাৰ কথাটোত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কেণ্ডিড ক্লিকছে ছচিয়েল মিডিয়াৰ জৰিয়তে আলোকচিত্ৰৰ মাধ্যমেৰে সমাজত ‘নিশব্দ জাগৰণ’ৰ সৃষ্টি কৰিছে।

অনুষ্ঠানটোত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি এগৰাকী আলোকচিত্ৰ শিল্পী তথা অসমৰ প্ৰয়াত বিশিষ্ট আলোকচিত্ৰশিল্পী জয়ন্ত দত্তৰ সহধৰ্মিনী লীলা দত্তই অসমত আলোকচিত্ৰৰ উত্থান পতনৰ দিশটো সম্পৰ্কে তেওঁৰ অভিজ্ঞতাৰ ছাঁ-পোহৰত এক ৰূপৰেখা দাঙি ধৰে।

67413712_2280640352027658_6050960903988314112_n
কেণ্ডিড ক্লিকছৰ আয়োজকৰ সৈতে বিশিষ্ট অতিথিসকল। ফটো : নৰ্থইষ্ট নাও

উদ্বোধনী সভাৰ সভাপতি সঞ্জীৱ কুমাৰ গোহাঁই বৰুৱাই কেমেৰাক উৎকৃষ্ট বন্ধু বুলি অভিহিত কৰে আৰু বৰ্তমান ব্যস্তাপূৰ্ণ জীৱন যাত্ৰাৰ সময়তো কেমেৰাই ভাল সংগ দিব পাৰে বুলি ব্যক্ত কৰে।

উল্লেখযোগ্য যে ২০১৪ চনত ৰাজ্যখনৰ এগৰাকী অত্যুৎসাহী আলোক চিত্ৰ শিল্পী দেৱাশীষ বৰুৱাই ফেচবুকৰ জৰিয়তে আৰম্ভ কৰা আলোক চিত্ৰৰ এক অভিনৱ শিল্পৰ সন্ধানে সম্প্ৰতি কেণ্ডিড ক্লিকছৰ জৰিয়তে জাগৰণৰ সৃষ্টি কৰিছে।

প্ৰদৰ্শনীখন উপভোগ কৰি উপস্থিত দৰ্শকসকলে আলোকচিত্ৰসমূহৰ প্ৰশংসা কৰাৰ লগতে এনে ধৰণৰ প্ৰয়াসৰ শলাগ লয়। বহুকেইগৰাকী নবীন আলোকচিত্ৰ শিল্পীয়ে প্ৰথমবাৰৰ বাবে এইবাৰ প্ৰদৰ্শনীত আলোকচিত্ৰ প্ৰদৰ্শন কৰিছে। বহুবৰ্ণী আলোকচিত্ৰসমূহে জীৱনৰ এক সৰস অভিব্যক্তি দাঙি ধৰিছে।

প্ৰদৰ্শনীত কেইখনমান অতি উচ্চমানৰ আলোকচিত্ৰ প্ৰদৰ্শিত হৈছে। কেৱল বিষয়বস্তুৱে নহয়, কাৰিকৰী দিশৰ লগতে ইয়াৰ কম্পোজিশ্যনেও দৰ্শকক আকৰ্ষণ কৰিব। আলোকচিত্ৰসমূহ প্ৰকৃতিৰ নিৰ্ভাৰ প্ৰতিৰূপ হোৱাৰ বিপৰীতে কিছুমানত জীৱন সংগ্ৰামৰ নান্দনিক মুহূৰ্ত প্ৰতিফলিত হৈছে।

আগন্তুক দিনত কেণ্ডিড ক্লিক্ছৰ পৰা আৰু অধিক গতিশীল, জীৱনমুখী তথা বাস্তৱায়নুগ আলোকচিত্ৰ আশা কৰিব পৰা যায়।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd