মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Qutub Minar row

শেহতীয়াকৈ দেশৰ ৰাজনীতিত বিতৰ্কৰ শীৰ্ষত থকা কুতুব মিনাৰ গোচৰ সন্দৰ্ভত আজি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই) বিভাগে দিল্লীৰ উত্তৰ চাকেত আদালতত প্ৰতিবেদন দাখিল কৰে। ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি এই প্ৰতিবেদন প্ৰস্তুত কৰিছে পুৰাতাত্ত্বিক জৰীপ বিভাগে।

প্ৰতিবেদনত বিভাগটোৱে মন্দিৰ ভাঙি তাৰ গাঁথনিৰ ওপৰত কুতুব মিনাৰ কমপ্লেক্সৰ মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি যি অভিযোগ উত্থাপন কৰা হৈছে বুলি তাৰ কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰে। লগতে বিভাগে কয় যে মন্দিৰৰ লোৰ স্তম্ভ আৰু অৱশিষ্ট অন্য অংশসমূহ মূল স্থানত আছিল নে বাহিৰৰ পৰা অনা হৈছিল সেয়া স্পষ্ট কৰিবলৈও নিৰ্দিষ্ট কোনো প্ৰমাণ নাই।

তদুপৰি, কুতুব মিনাৰ কেতিয়াও উপাসনাৰ স্থান নাছিল বুলি উল্লেখ কৰি হিন্দু গোটসমূহে দাখিল কৰা আবেদন আইনগতভাৱে ৰক্ষণাবেক্ষণ যোগ্য নহয় বুলি যুক্তি দৰ্শায় জৰীপ বিভাগে।

পুৰাতাত্ত্বিক বিভাগে আদালতত কয় যে ১৯১৪ চনৰ পৰা এটা সংৰক্ষিত স্মৃতিস্তম্ভ হিচাপে পৰিগণিত হৈ অহা কুতুব মিনাৰৰ গাঁথনি এতিয়া পৰিৱৰ্তন কৰিব নোৱাৰি।

প্ৰতিবেদনত লগতে কুতুব মিনাৰক সংৰক্ষিত স্মৃতিস্তম্ভ হিচাপে মৰ্যাদা দিয়াৰ সময়ত উপাসনা স্থলী হিচাপে ব্যৱহাৰ কৰাৰ কোনো প্ৰথা প্ৰচলিত নাছিল বুলিও স্পষ্ট কৰি দিয়া হৈছে। সেয়ে এই স্থানত এতিয়া উপাসনাস্থলী হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিব নোৱাৰি বুলিও বিভাগটোৱে আদালতত আৰ্জি দৰ্শায়।

উল্লেখ্য যে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰে এজন প্ৰাক্তন আঞ্চলিক সঞ্চালক ধৰমবীৰ শৰ্মাই হিন্দু সম্ৰাট ৰাজা বিক্ৰমাদিত্যই সূৰ্যৰ দিশ নিৰ্ধাৰণৰ বাবে কুতুব মিনাৰ নিৰ্মাণ কৰিছিল বুলি দাবী কৰিছিল। তেওঁ লগতে দাবী কৰিছিল যে কুতুবুদ্দিন আইবাকে কুতুব মিনাৰ নিৰ্মাণ কৰা বুলি যি তথ্য প্ৰচাৰ কৰা হৈছিল সি সত্য নহয়।

তদুপৰি কুতুব মিনাৰ চৌহদত থকা কুৱাত-উল-ইছলাম মছজিদো ২৭ টা হিন্দু-জৈন মন্দিৰ ভাঙি দিয়াৰ পিছত লাভ কৰা সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল বুলি তেওঁ দাবী কৰিছিল। এই সন্দৰ্ভত তেওঁৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে বুলিও শৰ্মাই উল্লেখ কৰিছিল।

শৰ্মাৰ এই দাবীয়ে কুতুব মিনাৰক কেন্দ্ৰ কৰি দীৰ্ঘদিনৰ পৰা চলি অহা বিতৰ্কত সাৰ যোগায়। ইয়াৰ পিছতে কুতুব মিনাৰ বিতৰ্কই নতুন মূৰ লোৱাৰ লগতে আদালতৰ মজিয়া পায়।

এনে সময়তে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ এই প্ৰতিবেদনে হিন্দুত্ববাদী গোটসমূহৰ পৰিকল্পনাত মোক্ষম আঘাত সানিছে বুলি ক’ব পাৰি।