DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰদৰ্শনেৰেই নহয়, ব্যৱহাৰেও মন মুহিছে গ’ল্ডেন বয় নীৰজ চোপ্ৰাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 9:03 pm
Neeraj Chopra
942
VIEWS
Share on FacebookShare on Twitter

ক্ৰীড়া বিশ্বত প্ৰখ্যাত আমেৰিকান সাতোঁৰবিদ মাইকেল ফেল্পছ, জামাইকান দৌৰবিদ উছেইন ব’ল্টৰ এক সুকীয়া স্থান আছে। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ইখনৰ পিছত সিখনকৈ আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খিতাপ জয়েৰে এই দুই তাৰকাই ক্ৰীড়াপ্ৰেমীৰ মাজত সদায়েই স্মৰণীয় হৈ থাকিব।

আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়াত ধাৰাবাহিকতাৰ ক্ষেত্ৰত এতিয়া আন এক নাম সংযোগ হৈছে। নীৰজ চোপ্ৰা। ভাৰতৰ এই তাৰকাগৰাকীয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ইখনৰ পিছত সিখন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জনেৰে দেশক গৌৰৱান্বিত কৰি তুলিছে।

২৫ বছৰ বয়সৰ এই তাৰকাগৰাকীয়ে এইপৰ্যন্ত অলিম্পিক স্বৰ্ণৰ লগতে জয় কৰিছে ডায়মণ্ড লীগ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, এছিয়ান চেম্পিয়নশ্বিপ, চাউথ এছিয়ান গেমছৰ উপৰি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ স্বৰ্ণ।

বুডাপেষ্টত শেহতীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ জয়েৰে নীৰজ এক ঐতিহাসিক কৃতিত্বৰ গৰাকী হয়। এই প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ ৰূপে পৰিগণিত হয় তাৰকাগৰাকী। ইয়াৰ পিছতে সমগ্ৰ বিশ্বৰে ক্ৰীড়া অনুৰাগী নীৰজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

পিছে কেৱল প্ৰদৰ্শনৰ বাবেই নহয়, নীৰজ চোপ্ৰা এতিয়া তেওঁৰ ক্ৰীড়াসুলভ মানসিকতাৰ বাবেও সৰ্বত্ৰ প্ৰশংসিত হৈছে। স্বৰ্ণ জয় নিশ্চিত হোৱাৰ পিছতে নীৰজে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী পাকিস্তানৰ তাৰকা আৰ্ছাদ নদীমক কাষলৈ মাতি আনি কান্ধত ধৰি বিজয় উদযাপন কৰা দৃশ্যই যিকোনো লোককে সন্তুষ্ট কৰিব।

তদুপৰি নীৰজৰ সৈতে প্ৰতিদ্বন্দিতাক ভাৰত বনাম পাকিস্তান ৰূপ দি দেশ দুখনৰ মাজৰ ৰাজনৈতিক শত্ৰুতাক ক্ৰীড়াৰ মাজলৈ অনাৰ বাবেও ক্ষুণ্ণ নীৰজে দুখ প্ৰকাশ কৰিছিল। এইবাৰ নীৰজৰ আন এক মন্তব্য তথা ছবিয়ে চৰ্চা লাভ কৰিছে।

বুডাপেষ্টত বিশ্ব জয়ৰ পিছতে নীৰজৰ পৰা স্বাক্ষৰ লাভৰ আশাত তেওঁৰ এগৰাকী হাংগেৰীয়ান অনুৰাগীয়ে ভাৰতীয় পতাকাত খেলুৱৈগৰাকীক স্বাক্ষৰ কৰিবলৈ আগবঢ়াই দিয়ে যদিও অনুৰাগীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰি নীৰজে আন এক নিদৰ্শন দাঙি ধৰে।

হাংগেৰীয়ান অনুৰাগীগৰাকীৰ প্ৰস্তাৱ নাকচ কৰি চোপ্ৰাই কয়, “ইয়াত চহী কৰিব নোৱাৰি।” মূলত: ভাৰতীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই তাৰকা খেলুৱৈগৰাকীয়ে এনে কৰে। অৱশ্যে পতাকাখনত স্বাক্ষৰ নকৰিলেও অনুৰাগী গৰাকীক নিৰাশ নকৰে চোপ্ৰাই।

যুৱতীগৰাকীয়ে পৰিধান কৰি থকা টি-চাৰ্টৰ হাতৰ অংশত স্বাক্ষৰ কৰি নীৰজে তেওঁক উৎফুল্লিত কৰি তোলে। নীৰজ চোপ্ৰাৰ এই ব্যক্তিত্বৰ প্ৰতি আকৃষ্ট হৈ পৰিছে সকলো। সামাজিক মাধ্যমত নেটিজেনে প্ৰশংসাৰে উপচাই পেলাইছে তাৰকাগৰাকীক।

Recent News

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd