• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ; হাফলঙৰ চৰকাৰী বিদ্যালয়ৰ স্মাৰ্ট ক্লাছৰুমত চাহৰ কেন্টিন!

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
June 26, 2021 11:08 am
canteen in smart classroom

হাফলং গভমেন্ট বয়েজ এইচ এছ স্কুলৰ স্মাৰ্ট ক্লাছৰুমত চাহৰ কেন্টিন। ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্মাৰ্ট ক্লাছৰুমৰ বিষয়ে কোৱাৰ লগে লগে আমাৰ সকলোৰে এটা বেলেগ অনুভৱ হ’ব আৰু হোৱাটো স্বাভাৱিক। ছাত্ৰ-ছাত্ৰী সকলেও তেনে শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰাৰ বাবে অধিক আগ্ৰহী হৈ পৰে।

কিন্তু হাফলঙৰ এখন চৰকাৰী বিদ্যালয়ৰ স্মাৰ্ট ক্লাছৰুমৰ ভিতৰৰ দৃশ্য দেখিলে আপুনি স্মাৰ্ট ক্লাছৰুমৰ সংজ্ঞা পাহৰি যাব। কিয়নো বাহিৰত স্মাৰ্ট ক্লাছৰুম বুলি উল্লেখ আছে যদিও কিন্তু ভিতৰত এটা পৰিত্যক্ত কোঠালী। স্মাৰ্ট ক্লাছৰ বিপৰীতে তাত চলে চাহৰ কেন্টিন!

Apply Now

দীৰ্ঘ দিনৰ পৰা জিলা সদৰ হাফলঙৰ অতিকৈ পুৰণি বিদ্যালয়ৰ তেনে অৱস্থাই সচেতন ৰাইজৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আচলতে চৰকাৰে চৰকাৰী শিক্ষা ব্যবস্থাৰ মান উন্নয়নৰ কাৰণে এটাৰ পাছত আনটো পদক্ষেপ লোৱা সময়ত ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয় কৰ্তৃপক্ষৰ মইমতালিৰ বাবে আজি চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতি বিশ্বাস নাইকীয়া হৈছে অধিকাংশ অভিভাৱক বা ছাত্ৰ ছাত্ৰীৰ।

আৰু নহ’বই বা কিয়? কাৰণ চৰকাৰীভাবে আন্তঃগাঁথনি উন্নয়ন বা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে যি সুবিধা প্ৰদান কৰিছে ইয়াৰ পৰা কিন্তু ছাত্ৰ-ছাত্ৰী সকল উপকৃত হোৱা নাই।

হাফলঙৰ এখন চৰকাৰী স্কুলৰ তেনে কৰ্মকাণ্ডই চৰকাৰী শিক্ষাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। কাৰণ চৰকাৰী স্কুলৰ স্মাৰ্ট ক্লাছৰুমত চলে বিদ্যালয়ৰ চাহৰ কেন্টিন। ডিজিটেল এলইডি স্ক্ৰীন বা প্ৰজেক্টৰৰ পৰিবৰ্তে আছে গেছৰ ষ্ট’ভ বা চাহ বনোৱাৰ বস্তু আৰু ৰেফ্ৰিজেৰেটৰ। আছে বিস্কুটৰ বাকচ।

স্মাৰ্ট ক্লাছৰুমৰ নামত আছে অকল কেইখনমান ডেস্ক-বেঞ্চ আৰু কেইটামান ভঙা কম্পিউটাৰ আদি। অথচ চৰকাৰে শিক্ষাৰ মান উন্নয়নৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে সমগ্ৰ শিক্ষা অভিযান বা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আঁচনিৰ যোগেদি কোটি কোটি আবণ্টন দিছে।

কিন্তু বাস্তৱত ছাত্ৰ-ছাত্ৰী সকলে একো পোৱা নাই। শিক্ষক সকলে অকল মাহেকীয়া দৰমহা লৈ নিজৰ কৰ্তব্য পালন কৰাৰ বাদে বাকী একো হোৱা নাই।

হাফলঙৰ এই বিদ্যালয়খন হ’ল হাফলংগভমেন্ট বয়েজ এইচ এছ স্কুল। ১৯৫১ চনত স্থাপন হোৱা ডিমা হাছাও জিলাৰ অন্যতম পুৰণি শিক্ষা প্ৰতিষ্ঠান হাফলং গভমেন্ট বয়েজ এইচ এছ স্কুলৰ স্মাৰ্ট ক্লাছৰুমত দীৰ্ঘ দিন ধৰি চাহৰ কেন্টিন চলি থকাৰ অভিযোগ আছিল। আজিও বিদ্যালয়ত উপস্থিত হ’লে সেইকথা সঁচা প্ৰমাণিত হয়।

বিদ্যালয়ৰ অধ্যক্ষ স্বপন বৰ্মনে কয় যে ক’ভিডৰ কাৰণে বিদ্যালয় বন্ধ আছে। আনহাতে, যোৱা বছৰ এই বিদ্যালয়ত কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হৈছিল। যাৰ বাবে কেন্টিনৰ সামগ্ৰী স্মাৰ্ট ক্লাছৰুমত সুৰক্ষাৰ কাৰণে ৰখা হৈছিল।

IMG20210624105816
বিদ্যালয়খনৰ অধ্যক্ষ স্বপন বৰ্মন। ফটো: নৰ্থইষ্ট নাও।

অধ্যক্ষ বৰ্মনে কয় যে বিদ্যালয়ত যোৱা আঠ মাহ বিদ্যুৎ নাছিল। তদুপৰি, ছ’লাৰ পাওৱাৰ ব্যবস্থায়ো কাম কৰা নাই বুলি অভিযোগ কৰা হৈছে। তেনে পৰিস্থিতিৰ মাজৰে দিন কটাবলগীয়া হৈছে। বিদ্যালয়ৰ হোষ্টেল নাই। তাত মডেল স্কুল কৰা হৈছে।

কিন্তু প্ৰশ্ন হ’ল যে জিলা সদৰৰ মাজমজিয়াত যদি চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত তেনে তথৈবচ অবস্থা, তেতিয়াহ’লে জিলাৰ ভিতৰুৱা অঞ্চলত চৰকাৰী শিক্ষা কোন দিশে গতি কৰিছে এয়া কোৱাৰ প্ৰয়োজন নাই। তেনে পৰিস্থিতিত বিদ্যালয় পৰিচালনা সমিতিৰ সামগ্ৰিক ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, এই বিদ্যালয়ৰ পৰা অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে আইএএছ, আইপিএছ পোৱাৰ উপৰি দেশৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত বিদ্যালয়খনৰ তেনে পৰিবেশ সঁচাকৈ দুৰ্ভাগ্যজন।

চৰকাৰে টেট পাতি শিক্ষক নিযুক্তি দিছে। আন্তঃগাথঁনিৰ বাবে চৰকাৰী আঁচনিৰ ধন মোকলাই দিছে। কিন্তু বাস্তৱত ইয়াৰ প্ৰতিফলন হোৱা নাই। তেনে পৰিস্থিতিত চৰকাৰী শিক্ষা খণ্ডৰ আমূল সংস্কাৰ অতি প্ৰয়োজনীয় হৈ পৰিছে।

অন্যথা মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত তেনে ব্যবস্থাই কোনো প্ৰভাৱ পেলাবলৈ যে সক্ষম নহয় সেয়া নিশ্চিত।

 

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd