• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2025 7:51 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ অদমনীয় যুঁজ। শেষত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে মানচেষ্টাৰ টেষ্ট মেচ ড্ৰ’ৰ প্ৰস্তাৱ আগবঢ়ায়। ফলত বেয়া পিটচতো ভাৰতে মৰ্যাদাসহকাৰে খেলখন ৰক্ষা কৰিলে। ১৪৩ অভাৰ বেটিং কৰি ইংলেণ্ডক বিমুখ কৰি ছিৰিজত বৰ্তি থাকিল শুভমন গিল বাহিনী।

দেওবাৰে দ্বিতীয় ইনিংছত জাডেজাই ১০৭ ৰান সংগ্ৰহ কৰে। আনহাতে, ৱাশ্বিংটনে (১০১) জীৱনৰ প্ৰথমটো শতক অৰ্জন কৰে। ষ্ট’কছৰ প্ৰস্তাৱৰ ফলত খেলখন আগতীয়াকৈ ১০ অভাৰ বাকী থাকোতেই শেষ হয়।

Apply Now

ভাৰতৰ এই ড্ৰ’ক নৈতিক জয় বুলি ক’ব পাৰি। এটা সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল যে ইংলেণ্ডে মেচখন সহজেই জয়ী হ’বলৈ ওলাইছে। গিল আৰু ৰাহুলৰ উইকেট যোৱাৰ পাছত চিন্তিত হৈ পৰিছিল ভাৰতীয় দৰ্শক। তেওঁলোকৰ মনত কেইবাটাও প্ৰশ্ন উঠি আহিছিল – পণ্টে ভৰিৰ আঘাত লৈ খেলিব পাৰিবনে? তেন্তে মেচখন কোনে বচাব? জাদেজাই অকলে পাৰিবনে?

অৱশ্যে সেই মেচখন ভাৰতে সন্মানেৰে ড্ৰ’ কৰিলে। শৃংখলাত ইংলেণ্ড আগবাঢ়ি থাকিলেও ভাৰত নৈতিকভাৱে পৰাস্ত হোৱা নাছিল। আঁৰত বহু যুঁজৰ ঘোঁৰা জাডেজাৰ সৈতে তৰুণ যোদ্ধা ৱাশ্বিংটন সুন্দৰ। জীৱনৰ প্ৰথম টেষ্ট শতক অৰ্জন কৰে সুন্দৰে। তেওঁৰ শতকৰ পিছতে ষ্ট’কছৰ ড্ৰ’ৰ প্ৰস্তাৱ গ্ৰহণ কৰে গিলে। ফলত মানচেষ্টাৰত জয়ী নোহোৱাৰ ধাৰা অব্যাহত থাকিল ভাৰতৰ।

মানচেষ্টাৰত ভাৰতে প্ৰথম ইনিংছত ৩৫৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বেন ষ্ট’কছ আৰু তেওঁৰ দলটোৱে ৬৬৯ ৰান সংগ্ৰহ কৰি ভাৰতীয় বলিং এক প্ৰকাৰে তচনচ কৰি পেলায়। ৰানৰ পাহাৰ গঢ়ি ভাৰতৰ সন্মুখত ৩১১ ৰানত অগ্ৰগতি ৰাখিছিল ইংলেণ্ডে।

চতুৰ্থ দিনা বেটিং কৰিবলৈ ওলাই অহা ভাৰতে আগতীয়াকৈ দুটা উইকেট হেৰুৱাই চাপত পৰিছিল। ক্ৰীছ ৱ’কছৰ চতুৰ্থ আৰু পঞ্চম বলত ইজনৰ পিছত সিজনকৈ ড্ৰেছিং ৰুমলৈ উভতি যায় যশস্বী আৰু সুদৰ্শন। মধ্যাহ্ন ভোজনলৈ যোৱাৰ আগতে ভাৰতৰ স্ক’ৰ আছিল ১ ৰানত ২ উইকেট। মেচখন বচাবলৈ ৰাহুল আৰু অধিনায়ক গিলে দৃঢ সংকল্পৰে বেটিং কৰিবলগীয়া হৈছিল। সেই কামত তেওঁলোক সফল হ’ল।

মানচেষ্টাৰত চতুৰ্থ দিনৰ শেষত কে এল ৰাহুলে ৮৭ ৰানত অপৰাজিত থাকে। আনহাতে, শুভমন গিলে ৭৮ ৰানত অপৰাজিত থাকে। কিন্তু পঞ্চম দিনা  ৯০ ৰান সংগ্ৰহ কৰি বেন ষ্ট’কছৰ বলত ৰাহুল আউট হয়। অৱশ্যে অধিনায়ক গিলে দৃঢ় মনোবলেৰে সৈতে যুঁজ দিছিল। বেন ষ্ট’কছৰ হঠাতে উঠি অহা এটা বলে গিলৰ হাত আৰু হেলমেটত খুন্দা মাৰে। তথাপিও তেওঁ হাৰ নামানিলে।

অৱশেষত গিলে ২২৮টা বলত শতক অৰ্জন কৰে। কিন্তু তাৰ পিছত আৰু মাত্ৰ তিনিটা ৰান সংযোজন কৰাৰ পাছতে ভাৰতীয় অধিনায়কগৰাকীয়ে হঠাতে জোফ্ৰা আৰ্চাৰৰ বলত উইকেটৰ পিছফালে কেচ দিয়ে। আচলতে ইংৰাজ বলাৰসকলে দীৰ্ঘসময় ধৰি শৰীৰৰ অলপ বাহিৰত বলিং কৰি আছিল। সেই ফান্দটো বাৰে বাৰে এৰাই চলিলেও শেষ ৰক্ষা নহ’ল। ইয়াৰ পিছত মানচেষ্টাৰত চৰ্চিত প্ৰশ্নটো আছিল – ভাৰতে এই টেষ্টত ড্ৰ’ কৰিব পাৰিবনে?

১৩৮ অভাৰৰ পাছত বেন ষ্ট’কছৰ ড্ৰ’ৰ প্ৰস্তাৱ নাকচ কৰিও ভাৰতে সেই মেচখন ৰক্ষা কৰিছিল। খেলখনলৈ আৰু ডেৰ ঘণ্টা বাকী আছিল। জাডেজাই ৮৯ ৰানত, ৱাশ্বিংটনে ৮০ ৰানত বেটিং কৰি আছিল। জাডেজাই ষ্ট’কছক কয় যে তেওঁলোকে অধিক বেটিং কৰিব বিচাৰে। বাধ্য হৈ আম্পায়াৰে খেল অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। কথাটো যেন এনেকুৱা আছিল, আমি অলপ সময়ৰ বাবে চাৰি আৰু ছয় মাৰিম, তোমালোকে বলটো বুটলি আনিবা। কিন্তু ৱাশ্বিংটনে প্ৰথম শতক সম্পূৰ্ণ কৰাৰ লগে লগে গিলছে খেল বন্ধ কৰি দিয়ে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰত

প্ৰথম ইনিংছ ৩৫৮ (সুদৰ্শন ৬১, ষ্ট’কছ ৫/৪৫)

দ্বিতীয় ইনিংছ ৪২৫/৪ (ৰাহুল ৯০, গিল ১০৩, জাদেজা ১০৭, সুন্দৰ ১০১)

ইংলেণ্ড

প্ৰথম ইনিংছ ৬৬৯ (ষ্ট’কছ ১৪১, জাডেজা ৪/১৪১)

মেচ অমীমাংসিত

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd