আপুনি যদি চাৰিচকীয়া গাড়ী কিনাৰ কথা ভাবি আছে, তেন্তে দেৰি নকৰি এই পূজাতে লওক ৰেহাইৰ সুবিধা।
মোদী চৰকাৰে শেহতীয়াকৈ কৰা কৰ হ্ৰাসৰ ফলতে গাড়ী নিৰ্মাতাসকলে গাড়ীৰ দাম কমাই দিছে।
আশা কৰা হৈছে, মন্দাৱস্থা চলি থকা ভাৰতীয় গাড়ী উদ্যোগক এই সিদ্ধান্তই নতুনকৈ প্ৰাণ দিব।
শেহতীয়াকৈ অনুষ্ঠিত ৩৭সংখ্যক জি এছ টি কাউন্সিলৰ সভাত এই সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
১২০০ চি চিতকৈ বা তাতকৈ কম ক্ষমতাৰ পে’ত্ৰল আৰু ১৫০০ চি চি বা তাতকৈ কম ক্ষমতাৰ ডীজেল গাড়ীৰ চেছ ১ শতাংশলৈ হ্ৰাস কৰা হৈছে।
পূৰ্বে এই পৰিমাণ আছিল ১৫ শতাংশ। যোৱা ২ অক্তোবৰৰ পৰা ভাৰতত এই সিদ্ধান্ত কাৰ্য্যকৰী হৈছে।
ভাৰতৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা মাৰুতি চুজুকিয়ে ইতিমধ্যে নিজৰ গাড়ীসমূহত অতি কমেও ৫০০০ টকা ৰেহাই দিছে।
Dzire, Swift আৰু Balenoৰ পে’ত্ৰল মদেলসমূহৰ দাম কমোৱা হোৱা নাই।
মাৰুতিৰ সমান্তৰালকৈ আন গাড়ী কোম্পানিসমূহেও অ’ফাৰ লৈ আহিছে বুলি জানিব পৰা গৈছে।
গতিকে গাড়ী ডীলাৰত আপোনাৰ পচন্দৰ গাড়ীখনৰ দাম কিমান হৈছে এবাৰ খবৰ কৰি চাব পাৰে।





