তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দুই শতাধিক প্ৰাৰ্থীৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ, নিৰক্ষৰ অৰ্ধশতাধিক প্ৰাৰ্থী

অহা ৭ মে তাৰিখে অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ভোট গ্ৰহণৰ আগে আগে ওলাইছে প্ৰত্যেকজন প্ৰাৰ্থীৰ সবিশেষ তথ্য। মনোনয়ন পত্ৰ দাখিলৰ সময়ত নিৰ্বাচন আয়োগক নিজৰ সম্পত্তিৰ পৰিমাণ, শিক্ষাগত অৰ্হতা, অপৰাধমূলক গোচৰ আদি সকলো তথ্য দাখিল কৰিছে প্ৰাৰ্থীসকলে।

তৃতীয় পৰ্যায়ৰ ভোটগ্রহণত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ১,৩৫২ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰে ২৪৪ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ। অৰ্থাৎ তৃতীয় পর্যায়ত অৱতীৰ্ণ হোৱা ১,৩৫২ গৰাকীৰ ১৮ শতাংশই বিভিন অপৰাধমূলক গোচৰৰ অভিযুক্ত। এই তথ্য প্রকাশ কৰিছে এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফৰ্মছ চমুকৈ এ ডি আৰ আৰু নেচনেল ইলেকচন ব্রাটছে।

ইয়াৰ উপৰিও সংস্থা দুটাই প্রকাশ কৰা মতে প্রতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ২৯ শতাংশ অৰ্থাৎ ৩৯২ গৰাকী প্ৰাৰ্থী কোটিপতি। ইয়াৰে বিজেপিৰ ৭৭ গৰাকী প্রার্থীৰ গোটেই কেইজনেই কোটিপতি। লগতে কংগ্ৰেছৰ ৬০ গৰাকী আৰু জে ডি ইউ, শিৱসেনাৰ (থাকৰে গোট), এন চি পি, আৰ জে ডিৰ সকলো প্রার্থীয়েই কোটিপতি।

তৃতীয় পর্যায়ত প্রতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হৈছে গোৱাৰ বিজেপি প্রার্থী পল্লবী শ্রীনিবাস ডেম্পো। তেওঁৰ সম্পত্তিৰ পৰিমাণ হ’ল ১,৩৬১ কোটি টকা।

এই তালিকাৰ দ্বিতীয় গৰাকী ধনী প্ৰাৰ্থী হৈছে বিজেপিৰ জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কংগ্ৰেছৰ ছত্ৰপতি চাহু চাহাজী। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে ৪২৪ কোটি আৰু ৩৪২ কোটি টকা।

ইয়া উপৰিও তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ১৯ গৰাকী প্রার্থী নিৰক্ষৰ। ৫৬ গৰাকী প্ৰাৰ্থী প্রাথমিক বিদ্যালয়ৰ গৰকা।

উল্লেখ্য যে লোকসভা ৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন দেশৰ ১২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৪ টা সমষ্টিত অনুষ্ঠিত হ’ব।