NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ; অসম আৰক্ষীৰ গোচৰ ৰুজু

May 12, 2020 4:00 pm · কল্পজ্য়োতি শইকীয়া
হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ অপপ্ৰচাৰ চলোৱা টুইটটো

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ ভুৱা স্ক্ৰীন শ্বট ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ ৰছনা কৰৰ চেষ্টা চলোৱাৰ সময়তে এনে চক্ৰক উৎখাতৰ বাবে তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ শাখাই আজি নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে।

গুৱাহাটীৰ অপৰাধ শাখাই ভাৰতীয় দণ্ডবিধিৰ ধাৰা নং ৪৭১/৪৬৯ ত তথা আই.টি. এক্টৰ ৬৬(ডি)ৰ অধীনত ৬/২০২০ নম্বৰত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট বিকৃত কৰি ছ’চিয়েল মিডিয়াযোগে একাংশ দুষ্টলোকে প্ৰচাৰ চলাইছিল।

ল’কডাউনৰ সময়ত ৰাজস্থানৰ পৰা কাছাৰলৈ বাছেৰে অহা ৮ জন লোক একেলগে কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি চলাইছিল হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ কোনোৱে অপপ্ৰচাৰ চলাইছিল।

মন্ত্ৰী গৰাকীৰ পূৰ্বৰ এটা টুইটৰ সংখ্যাসমূহ সলাই প্ৰচাৰ কৰা স্ক্ৰীন শ্বটটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

আনহাতে, সংকতৰ সময়ত এনে ঘটনাক লৈ স্বাস্থ্য মন্ত্ৰী গৰাকী ক্ষোভিত হৈ পৰাৰ লগতে অসম আৰক্ষীক শীঘ্ৰে দুৰ্বৃত্তক সকলক আটক কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

জনসাধাৰণক বিভ্ৰান্ত কৰাৰ বাবেই এনেদৰে কিছুসংখ্যকে ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰিছে বুলি তেওঁ উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হ’ব বুলি কয়।

Related News