• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিত অবৈধ বিদেশীৰ  নাম! প্ৰতীক হাজেলাৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান শাখাত গোচৰ দিলে কোনে?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2021 5:01 pm
pp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্রীয় নাগৰিপঞ্জী উন্নীতকৰণ প্রক্রিয়াত একাংশ অবৈধ বিদেশীৰ ৰক্ষকৰ ৰূপত কাম কৰিছিল এন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাই।

এই প্ৰক্ৰিয়াটোত অসমত অবৈধ ভাবে প্রৱেশ কৰি  এক বিশেষ ৰাজনৈতিক গোষ্ঠীৰ ভোটবেংক হিচাপে ব্যৱহৃত হৈ থকা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ এই ৰাজ্যৰ স্থায়ী নাগৰিকৰ মৰ্যাদা দি এন আৰ চিৰ যোগেদি ভাৰতীয়কৰণৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছিল প্রতীক হাজেলা।

Apply Now

এই অভিযোগ এপিডব্লিউৰ। সংগঠনটোৱে অভিযোগ কৰা অনুসৰি এজনো অবৈধ বিদেশীৰ নাম যাতে বাদ পৰি নাযায় তাৰ বাবে হাজেলাই সৰ্বোচ্চ পন্থা হাতত লৈছিল আৰু সমগ্ৰ এই পদ্ধতিটোত ন্যস্ত স্বাৰ্থসিদ্ধিৰ বাবে বৌদ্ধিক- সামাজিক- ন্যায়িক যি ব্যৱস্হাই প্রয়োজন নহওঁক কিয় অতি দক্ষতাৰে সেই ব্যৱস্হাপনা তৈয়াৰ কৰি লৈছিল।

নিঃসন্দেহে এই প্রক্রিয়াত ব্যৱস্হাপনাৰ বাবে যিমান ধনৰ প্রয়োজন সিমান ধন তেওঁ বিভিন্ন চক্রান্তৰে ব্যয় কৰিছিল।  ধনৰ অপব্যয়ৰ ব্যাখ্যা বিচাৰি এবাৰ এন আৰ চিৰ অডিট ৰিপর্টটোত চকু ফুৰালেই সকলো কথা জলজল পটপট হৈ জিলিকি উঠে বুলিও সংগঠনটোৱে মন্তব্য কৰিছে।

চৰকাৰক প্রতীক হাজেলাৰ বিৰূদ্ধে আইনী ব্যৱস্হা লব পৰা সকলো পথ মুকলি কৰি দিয়াৰ পাচতো,  আনহে নালাগে সংগঠনটোৰ বিভিন্ন এজাহাৰৰ ওপৰত তদন্তকাৰী বিষয়াই যথেষ্ট পৰিমাণে তথ্য প্রমাণ সাজু কৰাৰ পাছতো আগৰ চৰকাৰৰ গৃহ বিভাগে প্রতীক হাজেলাৰ ওপৰত হাত দিবলৈ সাহ, নকৰিলে।ইয়াৰ অন্যতম কাৰণ হল গৃহ বিভাগত এৰি যোৱা প্রতীক হাজেলাৰ শাখা প্রশাখাবোৰ। এই শাখা প্রশাখা বোৰে হাজেলাৰ বিৰূদ্ধে যোৱা প্রতিটো তদন্তৰ ফাইল দিশপুৰত গাপ দি ৰাখিছিল বুলি সংগঠনটোৱে অভিযোগ কৰিছে।

এই বিভিন্ন দিশবোৰৰ ওপৰত লক্ষ্য ৰাখি সংগঠনটোৱে আজি এখন নতুন এজাহাৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা  চমুকৈ চি আই ডিত দাখিল কৰে।এই এজাহাৰত প্রতীক হাজেলাই কিদৰে বাংলাদেশী মূলৰ অবৈধ নাগৰিককেই ডাটা এণ্ট্রী অপাৰেটৰ হিচাপে নিযুক্তি দি,  ওপৰত কোনো বিষয়াই চালিজাৰি চাব নোৱাৰা চফটৱেৰ তৈয়াৰ কৰি সমগ্ৰ বংশ বৃক্ষ পৰীক্ষণ প্রক্রিয়াটোকেই এখন নাটকত পৰিণত কৰি দেশ আৰু জাতিক চৰম প্রতাৰণা কৰি  আঁভুৱা ভাঁৰা সেই কথা পুনৰ বাৰ কোৱা হৈছে।

বর্তমানৰ এন আৰ চি  ৰাজ্যিক সমণ্বয়কগৰাকীয়ে দাখিল কৰা  শপতনামাত স্পষ্টত উল্লেখ কৰা হৈছে যে এন আৰ  চিৰ বংশ বৃক্ষ পৰীক্ষণৰ নামত হোৱা  ফেমিলী ট্রি মেটচিংত চল্লিশ শতাংশ ভুল আছিল,  যি সাধাৰণ মানুহৰ ভুল (Human Error)  হব নোৱাৰে।

ই এক সু পৰিকল্পিত সু নিয়ন্ত্রিত ষড়যন্ত্ৰ।  প্রতীক হাজেলা ইয়াৰ নায়ক।  এয়া এক দেশদ্রোহী অপৰাধ।  এয়া অতি গুৰুত্বপূৰ্ণ কথা। আশা কৰিছো নতুন মূখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত হস্তক্ষেপ কৰি প্ৰয়োজনত অভিজ্ঞ আৰক্ষী বিষয়াৰ এক বিশেষ তদন্তকাৰী  গোট তৈয়াৰ কৰি হ’লেও এক পুংখানুপুংখ তদন্তৰ জৰিয়তে প্ৰকৃত সত্য ৰাইজৰ পোহৰলৈ আনি দেশদ্রোহীতাৰ অপৰাধত অপৰাধীৰ ভূমিকা লোৱা প্রতীক হাজেলাক দোষী সাব্যস্ত হলে শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd