• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ফ্ৰান্স অপেনৰ ছেমি ফাইনেলত হঠাতে লাগিল হুৱা-দুৱা! কি ঘটালে যুৱতীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2022 8:16 pm
Girl protest in French Open
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত ফ্ৰেঞ্চ অপেনৰ দ্বিতীয়খন ছেমিফাইনেলত শুকুৰবাৰে হঠাতে লাগে হুৱা-দুৱা। বিগত কিছুদিন ধৰি বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলৰ দৃষ্টি নিবদ্ধ হৈ থকা ফ্ৰান্স অপেনৰ ছেমি ফাইনেলৰ খেল বন্ধ হৈ পৰে হঠাতে। সেই সময়ত ফ্ৰান্স অপেনৰ ছেমি ফাইনেলত খেলি আছিল কেচপাৰ ৰুড আৰু মাৰিন চিলিকে। কিন্তু খেল চলি থকাৰ মাজতে কোৰ্টৰ ভিতৰলৈ এগৰাকী যুৱতীয়ে দৌৰি গৈ নিজকে নেটত বান্ধি পেলালে। ফলত বন্ধ হৈ পৰে খেল।

লগে লগে দৰ্শক আৰু নিৰাপত্তাকৰ্মীৰ মাজত হুৱা-দুৱা লাগে। কোন এই যুৱতী, কিয় প্ৰৱেশ কৰিলে কোৰ্টত? এনে প্ৰশ্নই দৰ্শকৰ মনত ক্ৰিয়া কৰিবলৈ লোৱাৰ সময়তে উৰহী গছৰ ওৰ উলিয়াবলৈ সক্ষম হয় তাত উপস্থিত থকা আৰক্ষীয়ে।

Apply Now

দৰাচলতে ফ্ৰান্স অপেনৰ ছেমি ফাইনেলৰ খেলক কোৰ্টৰ ভিতৰলৈ দৌৰি সোমাই যোৱা যুৱতীগৰাকী এগৰাকী পৰিবেশ কৰ্মী। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাৱ্যস্ত কৰাৰ উদ্দেশ্যেই তেওঁ তেনেদৰে কোৰ্টৰ ভিতৰলৈ সোমাই গৈ কোৰ্টত থকা নেটেৰে নিজকে বান্ধি পেলোৱাৰ চেষ্টা কৰিছিল।

ফ্ৰান্স অপেনৰ ছেমি ফাইনেল খেল যিহেতু বিশ্বৰ কোটি কোটি লোকে ইণ্টাৰনেটৰ মাধ্যমত অথবা টেলিভিছনত চাই আছিল সেয়ে এনে প্ৰতিবাদ কৰিলে বিশ্বৰ কোটি কোটি লোকে জলবায়ু পৰিৱৰ্তনৰ বিষয়ত সজাগ হ’ব বুলি ভাবিয়েই যুৱতীগৰাকীয়ে এনে প্ৰতিবাদ কৰিছিল।

যুৱতীগৰাকীয়ে জলবায়ু পৰিৱৰ্তনৰ বিষয়ত ফ্ৰান্সৰ চৰকাৰে প্ৰদৰ্শন কৰি অহা নিষ্ক্ৰিয়তাৰ প্ৰতিবাদ জনাবলৈয়েই এনে প্ৰতিবাদ কৰা বুলি তেওঁ প্ৰকাশ কৰিছে। যুৱতীগৰাকীৰ এনে প্ৰতিবাদৰ বাবেই ফ্ৰান্স অপেনৰ ছেমি ফাইনেলৰ খনে ১৩ মিনিটৰ বাবে বন্ধ হৈ পৰে।

প্ৰতিবাদ সাৱ্যস্ত কৰা যুৱতীগৰাকীৰ নাম আলিজি, বয়স তেওঁৰ ২২ বছৰ।ডাৰ্নিয়েৰ ৰেনোভেশ্বন নামৰ সংগঠনটোৰ তেওঁ এগৰাকী সদস্য বুলি জানিব পৰা গৈছে। এই সংগঠনটোৱে প্ৰকৃতি সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে গণ সজাগতাৰ সৃষ্টি কৰি আহিছে। যুৱতীগৰাকীৰ এনে প্ৰতিবাদে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এখন বিশ্ব বিখ্যাত খেলৰ ছেমি ফাইনেল চলি থকাৰ মাজতে খেলত বাধা প্ৰদান কৰাৰ বাবে আলিজিৰ বিৰুদ্ধে অৱশ্যে কিবা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd