• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাষ্টিক বৰ্জন; জজ খেলপথাৰত মুখ্য মন্ত্ৰীয়ে অংশলোৱা অনুষ্ঠানত দেখা গ’ল কেটলি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2019 6:55 pm
Sarbananda Sonowal

জজ খেলপথাৰত অনুষ্ঠিত সভাত সৰ্বানন্দ সোণোৱাল

535
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে গুৱাহাটী মহানগৰীৰ জজ খেলপথাৰত ভলীবল কোচিং চেণ্টাৰত অনুষ্ঠিত হোৱা ‘স্বচ্ছ, সেউজ, সবল গাঁও’ অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত প্লাষ্টিকৰ বটলৰ পৰিবৰ্তে কেটলি আৰু মাটিৰ পিয়লা ব্যৱহাৰ কৰা দেখা গ’ল।

উল্লেখযোগ্য যে, চাহ কৰা বা পানী গৰম কৰাৰ বাবে গাঁও অঞ্চলত বহুল হাৰত ব্যৱহৃত হৈ অহা কেটলিৰ ব্যৱহাৰ বিগত কিছু বছৰৰ পৰা হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক মুক্ত দেশ হিচাপে গঢ়ি তোলা আহ্বানৰ প্ৰতি সহাৰি দি এতিয়া চৰকাৰী সভা-সমিতিৰ সময়ত প্লাষ্টিকৰ আচবাব ব্যৱহাৰৰ পৰিবৰ্তে মাটিৰ পাত্ৰ, আইনাৰ পাত্ৰ আদি ব্যৱহাৰ কৰা দৃশ্যগোচৰ হৈছে।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে মাই গভ আছামৰ স্বচ্ছ, সেউজ আৰু সৱল গাঁও অভিযান শুভাৰম্ভ কৰি ৰাজ্যখনৰ যুৱক-যুৱতীসকলক ক্ৰীড়াক অন্তকৰণেৰে লৈ পাৰিপাৰ্শ্বিকতা সংৰক্ষণত আগভাগ লোৱাৰ বাবে মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

তদুপৰি স্বচ্ছ ভাৰত অভিযানক জনসাধাৰণে গণ আন্দোলনলৈ ৰূপান্তৰ কৰিলে বুলি উল্লেখ কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিয়েই স্বাধীনতা দিৱসৰ প্ৰথমটো ভাষণতে স্বচ্ছ ভাৰতৰ দৰে মহৎ কাৰ্য্যসূচী ভাৰতবৰ্ষৰ জনগণৰ হাতত অৰ্পন কৰে বুলিও সোণোৱালে কয়।

মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বাপুজীৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এখন পৰিষ্কাৰ ৰাষ্ট্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী নিষ্ঠাৰে ভাৰতবৰ্ষৰ জনসাধাৰণক পালন কৰাৰ বাবে প্ৰধান মন্ত্ৰীয়ে আহ্বান জনাইছিল বুলিও সোণোৱালে উল্লেখ কৰে।

মাইগভ আছামে আৰম্ভ কৰা ক্লিন এণ্ড গ্ৰীণ ভিলেজ পদক্ষেপ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত সফলতাৰে সম্পন্ন হৈছে আৰু আজি শুভাৰম্ভ কৰা স্বচ্ছ, সেউজ আৰু সৱল গাঁও অভিযানৰ জৰিয়তে গাঁৱৰ উঠি অহা প্ৰজন্মক ভলীবল খেলৰ মাধ্যমেৰে সুস্থ হৈ থকাৰ বাবে উদগণি যোগোৱাৰ দিহা কৰা হৈছে।

প্ৰাৰম্ভিক ভাবে এই অভিযানৰ বাবে ১১৫ খন গাঁও বাছনি কৰা হৈছে। অ’ এন জি চিয়ে কোম্পানীৰ সামাজিক দায়বদ্ধতা কাৰ্য্যসূচীৰ জৰিয়তে এই গাঁও সমূহৰ প্ৰত্যেকলৈ নেট সহ ভলীবল, ১০০ খন মৰাপাটৰ বেগ আৰু ৫ টাকৈ বাঁহৰ ডাষ্টবিন প্ৰদানৰ ব্যৱস্থা কৰিছে যাতে চিংগল ইউজ প্লাষ্টিক এই ডাষ্টবিন সমূহত জমা কৰিব পৰা যায়।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd