‘গৰু-ম’হৰ যত্ন লওক’: বন্দে ভাৰত এক্সপ্ৰেছৰ দুৰ্ঘটনা ৰোধৰ বাবে পশুপালকলৈ বিশেষ নিৰ্দেশ ৰে’ল বিভাগৰ

Vande Bharat Express

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাকজমকতাৰে দেশবাসীৰ বাবে মুকলি কৰা বহুচৰ্চিত বন্দে ভাৰত এক্সপ্ৰেছ নামৰ দ্ৰুতগতিৰ ৰে’লখন উদ্বোধনৰ পাছৰ পৰা কেইবাবাৰো দুৰ্ঘটনাত পতিত হৈছে। যাত্ৰাৰত অৱস্থাত গৰু-ম’হৰ খুন্দাত তিনিবাৰকৈ ক্ষতিগ্ৰস্ত হৈছে বন্দে ভাৰত এক্সপ্ৰেছ।

গৰু-ম’হৰ খুন্দাতে এনেদৰে বাৰে বাৰে ৰে’লখনৰ সন্মুখভাগ ভাগি পৰাৰ বাবে তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ তথা ৰে’ল বিভাগ। প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ এই ৰে’লখনৰ ৰক্ষাৰ বাবে এইবাৰ এক নতুন নিৰ্দেশনা জাৰি কৰিবলৈ আগবাঢ়িছে গুজৰাট ৰে’ল আৰক্ষী।

দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাপথৰ চাৰিওফালে থকা সকলো গাঁওৰ মুৰব্বীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বিভাগটোৱে। এই পত্ৰ যোগে গাঁওবাসীক পোহনীয়া জন্তুৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। যদি তেওঁলোকে এই আদেশ পালন নকৰে, পশুপালকসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছে।

পশ্চিম ৰে’লৱেৰ মুখ্য মুখপাত্ৰ সুমিত ঠাকুৰে জানিবলৈ দিয়া মতে গাওঁসমূহৰ মুৰব্বীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক স্থানীয় বাসিন্দাসকলে যাতে তেওঁলোকৰ জন্তুসমূহ ৰে’লপথৰ ওচৰত এৰি নিদিয়ে, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাইছে।

যদি কোনো লোকে এই নিৰ্দেশ অমান্য কৰি দায়িত্ব পালনত অৱহেলা কৰাৰ অভিযোগ উঠে, তেন্তে ৰে’ল আইনৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জাননীখনত উল্লেখ কৰা হৈছে।

জাননীখনত কোৱা হৈছে, “জন্তুৰ সৈতে সংঘৰ্ষৰ বাবে ৰে’ল সেৱা ব্যাহত হৈ আছে। ফলস্বৰূপে, দুৰ্ঘটনাৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পাইছে। ৰে’ললাইনৰ পৰা ৰে’লখনৰ কম্পাৰ্টমেণ্ট পিছলি যোৱাৰ সম্ভাৱনা আছে, যাত্ৰীসকলৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে।”

সেয়েহে, সাধাৰণ গাওঁবাসীসকলক সজাগ কৰিবলৈ গাওঁসমূহৰ মুৰব্বীসকলক গ্ৰাম সভাৰ সময়ত গাওঁবাসীৰ বাবে সজাগতা অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে। আৰপিএফে ইতিমধ্যে দুৰ্ঘটনা প্ৰৱণ অঞ্চলচিনাক্ত কৰিছে।

একে সময়তে, ৰে’ললাইনৰ কাষৰ এলেকাত জাৱৰ বা অন্য লেতেৰা সামগ্ৰী পেলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মূলত: এনে জাৱৰৰ মাজত পোহনীয়া গৰুৱে খাদ্যৰ সন্ধান চলোৱাৰ ফলত ৰে’ললাইনৰ চাৰিওফালে বিপদজনকভাৱে বিচৰণ কৰাৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।