বি এছ এফৰ গুলীত মৃত্যু চোৰাং গৰু সৰবৰাহকাৰীৰ

indo-bangla-border

প্ৰতিনিধিত্বমূলক চিত্ৰ

শুকুৰবাৰে দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ ভাৰত-বাংলা সীমান্তত পহৰাৰত বি এছ এফ জোৱানৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী এজনৰ মৃত্যু হয়।

সৰবৰাহকাৰীজনক মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত দিপচৰ গাঁৱৰ আশ্ৰাফুল হক (২৩) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, চোৰাং গৰু সৰবৰাহত জড়িত এটা দলে কানাইচৰ সীমান্ত চকীৰ ওচৰেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰিব চেষ্টা চলাই থকাৰ সময়তে বি এছ এফৰ দলটোৰ গুলীচালনাত এজনৰ মৃত্যু হয়।

‘সৰবৰাহকাৰী কেইজনক বাধা দিবলৈ চেষ্টা চলোৱা হৈছিল যদিও তেওঁলোকে চোকা অস্ত্ৰৰে আমাক আক্ৰমণ কৰে। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আমি গুলীচালনা কৰাত সৰবৰাহকাৰীৰ দলৰ এজন গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰে’। বি এছ এফৰ সূত্ৰত প্ৰকাশ।

ইফালে সৰবৰাহকাৰীৰ দলটোত থকা আন কেইবাজনো সদস্য আন্ধাৰৰ সুযোগত পলাই যাবলৈ সক্ষম হয়।

বি এছ এফে ঘটনাস্থলৰ পৰা ৭টা গৰু জব্দ কৰাৰ লগতে সৰবৰাহকাৰী দলটোৱে কাঁইটীয়া তাঁৰ কাটিবলৈ অনা বিভিন্ন চোকা অস্ত্ৰও উদ্ধাৰ কৰে।

বৰ্তমান দক্ষিণ শালমাৰাৰ আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াই এই ঘটনাটোৰ তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে।

ধুবুৰী অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত চোৰাং সৰবৰাহকাৰীজনৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হয়।