• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কিয় শুকান হৈ পৰে মহিলাসকলৰ যোনি? জানো আহক কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 28, 2024 8:10 pm
89
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলা সকল শাৰীৰিকভাবে উত্তেজিত হ’লে যোনিৰ ভিতৰৰ পৰা স্বাভাৱিকভাবে এক তৰল পদাৰ্থ নিৰ্গত হয়। ইয়াক প্ৰাকৃতিক তৰলতা বা প্ৰাকৃতিক লুব্ৰিকেচন বুলি কোৱা হয়। ই যৌন আৰামদায়ক যৌন সম্পৰ্কৰ বাবে নাৰী-পুৰুষ দুয়োকে সহায় কৰে।

কিন্তু কিছুমান মহিলাৰ যোনিৰ পৰা এই তৰল পদাৰ্থ নিৰ্গত নহয়। বিশেষকৈ হৰম’নৰ পৰিৱৰ্তনৰ মাজেৰে যোৱা মহিলাসকলৰ বাবে যোনি শুকান হৈ পৰাতো এটা সাধাৰণ সমস্যা। এই সমস্যাটোক ইংৰাজীত বা চিকিৎসা বিজ্ঞানৰ ভাষাত Vaginal Dryness বুলি জনা যায়। ইয়াৰ ফলত সংগমৰ সময়ত অস্বস্তি, খজুৱতি, বিৰক্তি, বিষ আদিৰ সৃষ্টি হ’ব পাৰে।

Apply Now

Vaginal Dryness ৰ সমস্যা হ’লে বহু সময়ত সাংঘাটিক যৌন উত্তেজনা অনুভৱ কৰিলেও যোনিৰ পৰা তৰল পদাৰ্থ ওলাই নাহে। ই যৌন স্বাস্থ্যত প্ৰভাৱ পেলোৱাৰ লগতে অস্বস্তিৰ সৃষ্টি কৰে।

বহুতেই Vaginal Dryness বা যোনি শুকান হোৱাৰ কাৰণ আৰু তাৰ প্ৰতিকাৰৰ বিষয়ে নাজানে।  সেয়ে আজি আপোনালোকলৈ এই লেখাটআো আগবঢ়াই দিয়া হ’ল

যোনি শুকান হৈ পৰাৰ কাৰণ –

১/ হৰম’নৰ পৰিৱৰ্তন :

মহিলাসকলৰ শৰীৰত থকা ইষ্ট্ৰজেন নামৰ এবিধ হৰম’নে যৌন সম্পৰ্কীয় অনুভৱ বা কামনা-বাসনাৰ সৃষ্টি কৰে। এই হৰম’নৰ মাত্ৰা হ্ৰস পালেই মহিলাৰ যোনি শুকান হৈ পৰে আৰু যৌন উত্তেজনা অনুভৱ কৰিলে বা যৌন সম্পৰ্কৰ সময়ত যোনীৰ পৰা তৰল পদাৰ্থ নিৰ্গত নহয়।

কিয় হ্ৰাস পায় ইষ্ট্ৰজেন হৰম’ন?

ক) মহিলাৰ বয়স বৃদ্ধিৰ লগে লগে ৰজোনিবৃত্তি হ’বলৈ আৰম্ভ কৰে। ৰজোনিবৃত্তিৰ ফলত স্বাভাৱিকতে ইষ্ট্ৰজেন হ্ৰাস পায়।

খ) গৰ্ভাৱস্থাৰ সময়ত আৰু পিছত হৰম’নৰ পৰিৱৰ্তন হ’লে যোনি শুকান হৈ পৰিব পাৰে। কিন্তু পিছত ই আকৌ স্বাভাৱিক হৈ পৰে।

গ) কিছুমান জন্ম নিয়ন্ত্ৰণ বড়ি, এন্টিহিষ্টামিন আৰু কেমোথেৰাপিৰ দৰে চিকিৎসাই ইষ্ট্ৰজেনৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। যাৰ যোনি ফলত শুকান হৈ পৰে।

২/ অটোইম্যুন ডিছঅৰ্ডাৰ (Autoimmune Disorders) : অটোইম্যুন ডিছঅৰ্ডাৰ মানে হৈছে অনাক্ৰম্যতাৰ অভাৱ। শৰীৰত এই ৰোগে দেখা দিলে ইষ্ট্ৰোজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ লগতে যোনি শুকাই যোৱা সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৩/ মানসিক চাপ আৰু উদ্বেগ : উচ্চ মানসিক চাপে হৰম’নৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে। লগতে মানসিক চাপে যৌন উত্তেজনা হ্ৰাস কৰিব পাৰে, যাৰ ফলত প্ৰাকৃতিক লুব্ৰিকেচন হ্ৰাস পায়। উল্লেখ্য যে মানসিক স্বাস্থ্য আৰু যৌন স্বাস্থ্য দুয়োটা পৰস্পৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।

৪/ জীৱনশৈলীৰ কাৰক : ধূমপান, অত্যধিক মদ্যপান, শৰীৰত পানীৰ অভাৱ আদিয়ে প্ৰাকৃতিক লুব্ৰিকেচন হ্ৰাস কৰিব পাৰে। যাৰ ফলত কম বয়সতেই যোনি শুকান হৈ পৰে।

৫/ প্ৰসাধন : চাবোন, ডাউচ বা কিছুমান প্ৰসাধন সামগ্ৰীয়ে যোনিৰ পি এইচৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে। যাৰ ফলত এই সমস্যাই দেখা দিয়ে।

প্ৰতিকাৰৰ সাধাৰণ উপায় –

১/ পৰ্যাপ্ত পৰিমাণৰ পানী খাওক। ই শৰীৰৰ সামগ্ৰিক আৰ্দ্ৰতা বজাই ৰখাৰ লগতে যোনিত তৰলৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।

২/ সুগন্ধিমুক্ত আৰু কোমল ক্লিনজাৰ ব্যৱহাৰ কৰক। যিকোনো চাবোন, ক্লিনজাৰ, ক্ৰীম যোনিত ব্যৱহাৰ নকৰিব।

৩/ ধূমপানে ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি কৰিব পাৰে আৰু ইষ্ট্ৰজেনৰ মাত্ৰা কম কৰিব পাৰে। গতিকে, ধূমপান ত্যাগ কৰক।

৪/ নিয়মিতভাৱে যোনিৰ মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা সকাহ পাব পাৰে।

৫/ যৌন সম্পৰ্কৰ সময়ত বা হস্তমৈথুনৰ সময়ত শুকান যোনিৰ ফলত সৃষ্টি হোৱা অস্বস্তি বা বিষৰ পৰা হাত সাৰিবলৈ লুব্ৰিকেন্ট ব্যৱহাৰ কৰিব পাৰে। যিকোনো ফাৰ্মাচীত এনেকুৱা তৰল লুব্ৰিকেন্ট পোৱা যায়।

৬/ চিকিৎসকৰ পৰামৰ্শ লৈ ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি কৰাৰ বাবে ঔষধ সেৱন কৰিব পাৰে।

৭/ যিসকলে ৰজোনিবৃত্তিৰ অন্যান্য লক্ষণ অনুভৱ কৰে তেওঁলোকৰ বাবে প্ৰণালীবদ্ধ HRT (Oral Hormone Replacement Therapy) য়ে যোনিৰ আদ্ৰতা দূৰ কৰিব পাৰে।

৮/ পুষ্টিকৰ খাদ্য, উন্নত টোপনি, ব্যায়াম, মানসিক স্বাস্থ্যৰ উন্নিতকৰণ, নিয়মীয়া হস্তমৈথুন বা যৌন সম্পৰ্ক আদিয়ে এই সমস্যা দূৰীকৰণত সহায় কৰিব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd