এছেজ শৃংখলাৰ আৰম্ভণিতে চাপত ইংলেণ্ড। পাৰ্থ টেষ্টৰ প্ৰথম তিনি ঘণ্টাতে বেন ষ্ট’কছ বাহিনীৰ প্ৰথম ইনিংছ শেষ হয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ‘বাজবল’ খেলিবলৈ গৈ ইংলেণ্ডে ১৭২ ৰানত অল আউট হয়।
অষ্ট্ৰেলিয়াৰ হৈ মিচেল ষ্টাৰ্কে অকলে ৭টা উইকেট দখল কৰে। চাহ বিৰতিৰ সময়লৈকে অষ্ট্ৰেলিয়াই ১ উইকেটৰ বিনিময়ত ১৫ ৰান কৰে। ষ্ট’কছৰ দলটোৱে ১৫৭ ৰানত আগবাঢ়ি আছে।
টছত জয়ী হৈ ষ্ট’কছে বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু ইংলেণ্ডৰ বেটছমেনসকলে পাৰ্থৰ ২২ গজত এই সুযোগ ল’ব নোৱাৰিলে। অ’পেনাৰ জেক ক্ৰ’লি (০)ক আৰম্ভণিতে আউট কৰা হয়। আনজন অ’পেনাৰ বেন ডাকেটেও (২১) দলটোক বিশেষ আত্মবিশ্বাস দিব নোৱাৰিলে। ষ্টাৰ্কে দুয়োকে আউট কৰে। ষ্টাৰ্কে জো ৰুটক (০)কো দ্ৰুতগতিত আউট কৰি ইংলেণ্ডক অধিক চাপত পেলায়।
৩৯ ৰানত ৩ টা উইকেট হেৰুৱাই পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰে ৩ নম্বৰত নমা অলি পোপে আৰু ৫ নম্বৰত নামি অহা ব্ৰুকৰ সৈতে চতুৰ্থ উইকেটৰ অংশীদাৰিত্বত ৫৫ ৰান সংগ্ৰহ কৰে। পোপ (৪৬)ক আউট কৰে কেমেৰন গ্ৰীনে। ব্ৰুক ৫২ ৰান সংগ্ৰহ কৰে।
ইংলেণ্ডৰ বাকী বেটছমেনৰ ভিতৰত মাত্ৰ জেমী স্মিথেহে ৩৩ ৰান সংগ্ৰহ কৰে। ব্যৰ্থ অধিনায়ক ষ্ট’কছো (৬)। ইংলেণ্ডে এটাও ডাঙৰ ৰানৰ পাৰ্টনাৰশ্বিপ কৰিব নোৱাৰিলে।
ইংলেণ্ডৰ বেটছমেনসকলে নিজৰ শক্তিৰে অষ্ট্ৰেলিয়াৰ বলাৰসকলক চম্ভালিব পৰা নাছিল। আক্রমণাত্মকভাৱে বেটিং কৰিবলৈ গৈয়েই কেইবাজনো বেটছমেনে উইকেট হেৰুৱাইছিল৷ ষ্টাৰ্কে ইংলেণ্ডৰ বেটছমেনৰ বাবে আটাইতকৈ বেছি অস্বস্তিৰ সৃষ্টি কৰিছিল। তেওঁ আলহী দলৰ শীৰ্ষ পাঁচজন বেটছমেনক আউট কৰে।
মূলতঃ তেওঁৰ আধিপত্যৰ বাবেই ইংলেণ্ডৰ প্ৰথম ইনিংছ ৩২.৫ অভাৰত শেষ হয়। ষ্টাৰ্কে ৫৮ ৰানত ৭ টা উইকেট দখল কৰে। ইয়াৰ উপৰিও ব্ৰেণ্ডন ডগেটে ২৭ ৰানত ২ টা উইকেট দখল কৰে। গ্ৰীনে ১০ ৰানত ১ টা উইকেট দখল কৰে।
চাহ বিৰতিলৈকে ১ উইকেটত ১৫ ৰানত খেলি আছে অষ্ট্ৰেলিয়া। অ’পেনাৰ জেক ৱেদাৰল্ডে এটাও ৰান কৰিব নোৱাৰিলে। ২২ গজত অপৰাজিত হৈ আছে অধিনায়ক ষ্টিভ স্মিথ (৭) আৰু মাৰ্নাছ লাবুশ্বানে (৬)। অষ্ট্ৰেলিয়ান দলটোৱে কোনো ৰিস্ক নোহোৱাকৈ বেটিং কৰিবলৈ চেষ্টা কৰিছে। ৫ ৰান দি ১ টা উইকেট লয় জোফ্ৰা আৰ্চাৰে।





