চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

a subhra

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ অভিনেত্ৰী শুভ্ৰা কুণ্ডুক।

যোৱা নিশাই গ্ৰেপ্তাৰ কৰা অভিনেত্ৰীগৰাকীক আজি চিবিআই—এ ওড়িশাৰ ভূৱনেশ্বৰলৈ নিব বুলি চিবিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰোজ ভেলী চিট ফাণ্ড কেলেংকাৰীত জড়িত থকাৰ অভিযোগতে অভিনেত্ৰী শুভ্ৰা কুণ্ডুক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য চিবিআই—এ গ্ৰেপ্তাৰ কৰা অভিনেত্ৰী শুভ্ৰা কুণ্ডু ৰোজ ভেলী গ্ৰুপৰ চেয়াৰমেন গৌতম কুণ্ডুৰ পত্নী।

বহু কোটিটকীয়া ৰোজ ভেলী চিট ফাণ্ড কেলেংকাৰীত ২০১৫ চনতে গৌতম কুণ্ডুক গ্ৰেপ্তাৰ কৰা হৈছিল।

ৰোজ ভেলীৰ নামত গৌতম কুণ্ডু বাহিনীয়ে পশ্চিমবংগ, ওড়িশা, অসম আদি ৰাজ্যত কম সময়তে অধিক লাভৰ আশা দেখুৱাই সাধাৰণ খাটি খোৱা লোকৰ পৰা হাজাৰ হাজাৰ কোটি টকা সৰকাই নিছিল।

ধন জমা থোৱা লোকসকলক আজিলৈকে কোম্পানীটোৱে ধন ঘূৰাই দিয়া নাই।

চিবিআই—এ প্ৰকাশ কৰা মতে ৰোজ ভেলীৰ নামত প্ৰায় ১২ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল।

এই কেলেংকাৰীত ইতিমধ্যে ছবি প্ৰযোজক শ্ৰীকান্ত মহতা, তৃণমূল কংগ্ৰেছৰ সাংসদ সদীপ বন্দোপাধ্যায় আদিৰ দৰে লোকসকলৰ নামো সাঙোৰ খাই পৰিছিল।

গৌতম কুণ্ডুৰ পত্নী তথা অভিনেত্ৰী শুভ্ৰা কুণ্ডুই আদ্ৰিলা নামৰ এক জুৱেলাৰীৰ চেইন ব্যৱসায় কৰি আহিছিল।

গ্ৰেপ্তাৰ কৰাৰ পিছতে আদ্ৰিলাৰ সকলো বিপনী ছীল কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।