গুৱাহাটীত উৎকোচৰ গোচৰত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে জি এছ টি আয়ুক্ত, মধ্যভোগীক

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চিবিআইয়ে গুৱাহাটীৰ কেন্দ্ৰীয় জি এছ টি এণ্ড চি ইৰ এজন আয়ুক্ত (আপিল)ক এজন মধ্যভোগীৰ গ্ৰেপ্তাৰ কৰিছে। মুঠ ৩.৮৩ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, আয়ুক্তগৰাকী আৰু তিনিজন মধ্যভোগীৰ বিৰুদ্ধে দাখিল কৰা এক এজাহাৰৰ পিছতে এই গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগকাৰীয়ে এজাহাৰখনত এন.এফ. ৰেলৱেৰ নিৰ্মাণৰ কামৰ বিল দাখিলৰ পিছত অনিয়মৰ অভিযোগ কৰে।

আনহাতে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰৰ অতিৰিক্ত আয়ুক্তই ৪৮,৪৩,০৩৪ টকাৰ সেৱা কৰৰ দাবী জাৰি কৰে।

লগতে পঢ়কঃ আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন আইন; সাধাৰণ মানুহে যি ১০টা পৰিৱৰ্তনৰ বিষয়ে জনা উচিত

এই দাবীত অসন্তুষ্ট হৈ অভিযোগকাৰীয়ে গুৱাহাটীৰ চিজিএছটি, কেন্দ্ৰীয় আবকাৰী আৰু শুল্ক বিভাগৰ আয়ুক্ত (আপিল)ৰ সন্মুখত এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনায়।

ইয়াৰে এটা আপীলৰ শুনানিৰ সময়তে আয়ুক্তগৰাকীয়ে ৪,৫০,০০০ টকাৰ উৎকোচ দাবী কৰে। পিছত বিষয়টো নিষ্পত্তি কৰি উৎকোচৰ পৰিমান ৩.৮৩ লাখ টকালৈ হ্ৰাস কৰে।

অভিযোগৰ ভিত্তিত চিবিআইয়ে জাল পেলাই আই আৰ এছ বিষয়াৰ পদবীধাৰী আয়ুক্তগৰাকীৰ হৈ উৎকোচ গ্ৰহণ কৰা এজন মধ্যভোগীক আটক কৰে। সমান্তৰালভাৱে এই অভিযানৰ সময়ত আয়ুক্তগৰাকীকো আটক কৰি ৰখা হয়।

লগতে পঢ়কঃ বন্ধত ফুৰিবলৈ গৈ কৰুণ পৰিণতি! লোনাভালা জলপ্ৰপাতত উটি গ’ল একেটা পৰিয়ালৰে ৫ সদস্য

অভিযুক্তৰ চৌহদত তালাচীৰ সময়ত চিবিআইয়ে অবৈধ সামগ্ৰীখিনি উদ্ধাৰ কৰে। আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে দুয়োজন ব্যক্তিকে সংশ্লিষ্ট আদালতত হাজিৰ কৰোৱা হ’ব।